৷৵৹
মুখে বোলা হৰি হৰি, বিপদ হৰিব হৰি,
ৰূপ-গুণ-যুত সুত পাবা॥
(২৪ পৃষ্ঠা)
গোবিন্দ-পদাৰবিন্দ-মকৰন্দ-আশে৷
গোবিন্দ মধুৰ সুমধুৰ ভাষা ভাষে॥
(৪৭ পৃষ্ঠা)
গোবিন্দ গোবিন্দে ৰাখা পায়,
শ্যামলালে ৰক্ষ শ্যামৰায়,
চিদানন্দ কৰা চিদানন্দৰ কল্যাণ।
(৫০ পৃষ্ঠা
এনে হেন চৌধুৰীৰ নাম যদিও ইমান দিনে প্ৰখ্যাত হোৱা নাই, সি প্ৰখ্যাত হোৱাৰ বৰ যোগ্য!
⸺⸺⸺
যাৰ নামে এই পুথিখন প্ৰকাশ কৰা গৈছে, আনৰ লাভা- লাভৰ ফালে নাচাই, কেৱল নিজৰ সন্তোষৰ অৰ্থে, সেই স্বৰ্গীয়া দেবীৰো অলপ কথা এইখিনিতে দিয়া হ'ল। ব্যথিত হৃদয়ে আনৰ লাভ-লোকচান-নোহোৱা কোনো কাম কৰি যদি সন্তোষ পায়, তেনেহলে বিদ্ৰূপ আৰু উপেক্ষাৰ হাঁহিৰ তলত সেই বিষাদপূৰ্ণ সন্তোষক মাৰ খেদোৱা মহদন্তঃকৰণৰ কাম নহয়; বৰং উদাৰ চৰিত্ৰে সেই সন্তোষ মধুৰ আৰু শান্তিময় কৰিবৰ অৰ্থে তাক সহানুভূতি আৰু দয়াৰ অশ্ৰুজলেৰে কোমল আৰু পবিত্ৰ হে কৰি দিয়ে। আমাৰো আশা, আমাৰ এই কাৰ্য্যৰ ওপৰত কাৰো নিৰ্দ্দয় উপেক্ষাৰ আৰু হৃদয়হীন সমালোচনাৰ ভাৰ নপৰে।