পৃষ্ঠা:সূতিকা পটল.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
সূতিকা পটল।

নহয় দুৰ্গুণ সিতাে সুগুণত গণ্য।
ততােধিক দিবস হইলে, মন্দ জন্য *॥
দুই দিনমান যদি কোষ্ঠ বদ্ধ ৰৈল।
ৰেচক ঔষধ সেবনৰ কাৰ্য্য ভৈল॥
এৰণ্ডৰ তৈল † দুই তােলামান লৈব।
খুৱাইব তাত নিয়মিত শৌচ হৈব॥
উদৰো নিৰ্ম্মল হব ক্ষুধা উপজিব।
শৰীৰৰ গ্লানি কিছু মাত্র নথাকিব॥
আৰু প্ৰসূতিৰ গৃহ ৰাখা পৰিষ্কাৰ।
বালকৰ পক্ষে আছে বহু গুণ তাৰ॥

⸻⸻

পৰিধেয় বস্ত্র ।

প্রসূতিয়ে পিন্ধে অতি ঘৃণিত বসন।
দুর্গন্ধত সদা ঘৃণা-যুক্ত থাকে মন॥
বস্তুৰ দুর্গন্ধে বালকৰ পীড়া হয়।
বস্ত্ৰৰ দুর্গন্ধে জনময় মহাভয়॥
বস্ত্ৰৰ দুর্গন্ধে ভোজনত ঘৃণা হয়।
বস্ত্ৰেৰ দুর্গন্ধে খাদ্যে অৰুচি জন্ময়॥

  • প্ৰসৱৰ পাচত এক দিন এক ৰাতি শৌচ নহয় থাকে; সি একো বেয়া লক্ষণ নহয়। তাৰ বেছিদিন

নহলেহে বেয়া। তেতিয়া তলত লেখা ঔষধ খুৱাব।

† এৰণ্ডৰ তৈল—আগতকৈ অহা “ক্যাষ্টেৰ অইল“ বা এড়াৰ গুটিৰ তৈল ।