পৃষ্ঠা:সূতিকা পটল.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
সূতিকা পটল।

দুগ্ধ আৰু সাগু দিব প্ৰথমে দু’দিন।
খই মণ্ড দিব যদি সাগু হয় হীন॥
অল্প কৰি দিব পেট নেদিব পূৰাই।
দিনত দুবাৰ দিব তাত দোষ নাই॥
তৃতীয় দিনত লাহি চাউলৰ ভাত।
দুগ্ধ সঙ্গে দিব দোষ নাহিকয় তাত॥
ক্ৰমে ক্ৰমান্বয়ে পূৰ্ব্ব আহাৰক দিব।
শিশু দুগ্ধ খাই মানে বাছিয়া খাইব॥
মাতৃ-দুগ্ধে বালকৰ প্ৰাণ ৰক্ষা হয়।
মাতৃৰ কু-পথ্যে বালকৰ পক্ষে ভয়॥
আকে জানি দুগ্ধ-পোষ্য শিশুৰ জননী।
কু-পথ্যক এৰিব বিঘ্নৰ হেতু গণি॥

⸺⸺

ঝাল খুৱোৱা।

বিনোদিনী বোলে পথ্য কৰিলোঁহোঁ সাৰ৷
ঝাল খুৱাবাৰ পক্ষে কিবা বোলা আৰ॥
লক্ষ্মী বোলে ঝাল খুৱাৱাত নাই গুণ।
শুনা তাক কওঁ, আছে বৰঞ্চ দুৰ্গুণ॥
প্ৰসৱত প্ৰসূতিৰ যত কষ্ট নাই।
ঝাল খুৱালাত জানা তত দুঃখ পাই॥
অতিশয় ঝালপানে অগ্নিমান্দ্য হয়।
পেট জ্বালা কৰে ৰক্ত আমাশয়ে ভয়॥

⸺⸺