ফুল নপড়িব কিবা ভয়, ভয়মাত্ৰ তাত নাহিকয়,
অকাৰণে কিয় টানিয়া আনয় তাক।
প্ৰসৱৰ দণ্ডমান পৰে, যিবেলি বেদনা পুনঃ ধৰে,
আপনি পড়িব চিন্তাহীন হুই থাক॥
যদিবা দণ্ডৈক হৈয়া গৈল, নপৰি ফুল গৰ্ভে, ৰৈল,
নাড়ীত ধৰিয়া টানা লাস লাস কৰি।
উদৰত বিষ নাই যেবে, নাভীধৰি নাটানিব তেবে,
টানিবে লাগয় আসে যেবে বিষ ধৰি॥
এই ৰূপে দুই চাৰি বাৰ, টানিলাত ফুল পড়ে সাৰ,
যদি বিষ নাসে নটানিব নটানিব।
উদৰক হাতে পিষিবেক, বিষ ধৰি ফুল পড়িবেক,
ভালৰূপে হাত ঘষি পিষি মাত্ৰ দিব॥
দেখা যদি সিদ্ধি নাই তাত, নাৰিকেল তৈলে ঘষি হাত,
উদৰ ভিতৰে অতি সাৱধানে নিয়া।
ফুলত ধৰিয়া মৃদুবলে, ঘুৰাইয়া পাকদিয়া চলে,
বাহিৰে আনিবা ধীৰে ধীৰে টানদিয়া॥
ফুল টানাৰ সময়ত, পোৱাতি জনীৰ উদৰত,
হাত দিয়া হেঁচি ধৰা সমুচিত হয়।
তাত হোৱে এই মহা গুণ, কহোঁ ময় ইতো পুনঃ পুন,
ফুল মাত্ৰ আসে ৰক্ত মাত্ৰ নপড়য়॥
পাকদিয়া ফুল আনিলাত, নথাকয় আৰ কিছুতাত,
প্ৰসূতিক নধৰয় সূতিকাৰ জ্বৰে।
প্ৰসূতিৰ যদি ভৈল জ্বৰ, বালকৰ ভৈল অথান্তৰ,
আকে জানি জ্ঞানী ধাই সবে আকে কৰে॥
৫