পৃষ্ঠা:সূতিকা পটল.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
সূতিকা পটল।

পূৰ্ব্ব বাঁধ এৰি অৰ্দ্ধ অঙ্গুল উপৰি।
দ্বিতীয় বন্ধন দিয়া আসিল সুন্দৰী॥
আপন অঙ্গুলি দ্বয়ে তীক্ষ্ন কেঁচি লই।
উভয় বাঁধৰ মাজে কাটিলেক গই॥
নাকান্দিল শিশু কিছু দুঃখ নপাইল।
স্বাভাবিক ৰূপে শিশু চাহিয়া ৰহিল॥
অপদাৰ্থ ভাগে বাঁধ দিলোঁ কি কাৰণে।
নকইলে নুগুছিব শঙ্কা কাৰো মনে॥
যমজ সন্তান গৰ্ভে থাকিব পাৰয়।
নবান্ধিলে সি পক্ষত মহা বিঘ্ন হয়॥
এতেকে বন্ধন দিয়া উচিত উপাই।
নাই যদি সুত গৰ্ভে নাই, হানি নাই॥
অবহেলা কৰি যদি তাত নবাঁধয়।
ৰক্ত বাহিৰয় গৰ্ভে শিশু নষ্ট হয়॥
বাঁধদিয়া অতি অল্প কাৰ্য্যৰ কাৰণে।
কিয় থাকিবাক লাগে সুশঙ্কিত মনে॥
বাঁধ গোট দিয়াত নলাগে বহু বেলা।
এতেকতে বাঁধ দিবা নকৰিবা হেলা॥

ভূমিষ্ঠ সন্তানৰ যত্ন।

লক্ষ্মী বোলে বিনোদিনী অন্য কথা থোৱা৷
পৰিষ্কাৰ কৰি আগে বালকক ধোৱা॥
সাবুনে* তপত জলে ধুৱাইয়া দিয়া।
নিৰ্ম্মল কোমল বস্ত্ৰে গাও মুছিনিয়া॥


সাবুন—চাবন