পৃষ্ঠা:সূতিকা পটল.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
সূতিকা পটল।


যদি আঢ়ৈ তোলামান ৰক্ত পৰি গৈল।
নীলবৰ্ণ গুছিল পূৰ্ব্বৰ বৰ্ণ ভৈল॥
তেন্তে আৰু ভৰসা হইল জীৱনত।
নাকে মুখে জলছিটা দিব সেই মত॥
সেইৰূপে জলত বসাই জোবৰাই।
দেখিব পৰীক্ষা কৰি আয়ু আছে নাই॥
অপত্য সমান স্নেহ নাই ধৰাতলে।
নচ দৈবাৎ পৰং বলং সৰ্ব্ব জনে বুলে॥
আৰো বোলে নৌকা নুডুবয় মানে বাব।
ৰোগীক যত্নিব নমৰয় মানে চাব॥

⸺⸺

নাড়ী-ছেদ।

লক্ষ্মী বোলে নাড়ী বান্ধি যিৰূপে কাটিবা।
শিক্ষা দেওঁ বিনোদিনী মনত ৰাখিবা॥
বিনোদিনী বোলে ময় সি কৰণী জানো।
লক্ষ্মী বোলে কোৱাহা তেবেসে ময় মানো॥
বিনোদিনী বোলে বাঁশ-কৰ্ত্তনী∗ ধৰিয়া।
ৰেপাদিয়া নাড়ী খণ্ড ফেলাৱে কাটিয়া॥
নাভিৰ উপৰে ক্ষুদ্ৰ ৰজ্জুএ বান্ধয়।
বন্ধনী কাষত সেই কৰ্ত্তনে কাটয়॥
লক্ষ্মী বোলে ৰজ্জু যদি অতি ক্ষুদ্ৰ হয়।
বান্ধিলে নাড়ীত বাঁধ কাটিয়া বসয়॥

⸺⸺⸻⸺

∗বাঁশ-কৰ্ত্তনী অৰ্থাৎ বাঁহৰ ছোঁছ।