পৃষ্ঠা:সূতিকা পটল.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সূতিকা পটল।


উভয় স্থানত ধৰি টানা ধীৰে ধীৰে।
ক্ৰমে ক্ৰমে ক্ৰমে শিশু আসিব বাহিৰে*
সুত কিংবা প্ৰসূতি কাহাৰো কষ্ট নাই।
উভয়ক ৰক্ষা কৰে সুশিক্ষিতা ধাই॥
হস্তে উদৰক যদি হেঁচা দি নধৰে।
ৰক্ত স্ৰৱিবাৰ শঙ্কা প্ৰসৱৰ পৰে॥

⸻⸻

স্কন্ধ বাহিৰ হোলে।

ইতো মধ্যে বালকৰ স্কন্ধ বাহিৰিল।
লক্ষ্মী বিনোদিনী প্ৰতি আদেশ কৰিল॥
দুই দ্বাৰ মধ্যস্থলে ৰাখা আগহাত।
বামহাত উদৰ উপৰে নিয়া পাত॥
হেঁচা দিয়া উদৰ ৰাখিবা সাৱধানে।
নাদাঙিবা হাত ফুল নপড়য় মানে†॥
দুই হাত পাতি মই বালকক ধৰোঁ।
অন্য যি কৰ্ত্তব্য কৰ্ম্ম মই তাক কৰোঁ॥
ঘাৰ বাহিৰিলে উদৰত হেঁচা দিব।
ফুল নপড়য় মানে হাতক নেৰিব॥

 * এজনী তিৰোতাক গৰ্ভত হেঁচা দি ধৰিব দি, “আশ্ৰেণী” নিজে এক হাতেৰে শিশুৰ ঘাড়ত আরু আন হাতৰ দুই আঙ্গুলীৰে (বুড়া আরু তৰ্জ্জনী এই কামত সুবিধা হ’ব) কাখতলিত ধৰি লাহেলাহে টানিলে প্ৰসৱ হ’ব।

 † শৌচদ্বাৰ আরু প্ৰসৱৰদ্বাৰ দুয়োৰো মাজত আগহাতেৰে ধৰি, বাঁম হাতেৰে পেটত হেচাঁ দি ধৰিব। আরু ফুল নপৰে মানে হাত নাদাঙিব।