পৃষ্ঠা:সূতিকা পটল.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সূতিকা পটল৷

লক্ষ্মী তৱ কথা শুনি,  নপাইছোঁ ভাবি গুণি,
 প্ৰসৱৰ ভাগ কাক বোলে॥

⸻⸻⸻

কি চিহ্নত প্ৰসৱ হয়।

লক্ষ্মী বোলে ভাগ কৰা, বেদনা অবধি ধৰা,
 ফুল পৰা পৰ্য্যন্ত সময়।
তিনি ভাগ আছে আত,  সংশয় নকৰা তাত,
 গণি চোৱা হয় কি নহয়॥
প্ৰথমে অল্প বেদনা, ক্ৰমে বৃদ্ধি ধৰি গণা,
 এক ভাগ গণিবাক লাগে।
দ্বিতীয়ত ভাঙে জল, বেদনা হোৱে প্ৰবল,
 সন্তান প্ৰসৱে সেই ভাগে॥
তৃতীয়ত ফুল পৰে, এই তিনি ভাগ ধৰে,
 কৰে গণ্য, গণ্য গুণিগণে।
হয় কি নহয় কথা, দেখিচাহা যথা যথা,
 ভাবি দেখা আপোনাৰ মনে॥
দ্বিতীয় অবস্থা হৈয়া,  ন প্ৰসৱি থাকে ৰৈয়া,
 তাতে শিশু ঘন শ্বাসকাৰে।
বিলম্বে অতীব নষ্ট,  পোৱাতীও পাৱে কষ্ট,
 সিতো কষ্ট সহিব নপাৰে॥
জল নভাঙয় মানে, নথাকিলে সাৱধানে,
 তাত কিছু নাহিকয় হানি।
ভাঙিল যদ্যপি জল, বেদনা হৈলা প্ৰবল,
 সাৱধান হৈব আক জানি॥

⸻⸻⸺