পৃষ্ঠা:সূতিকা পটল.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
সূতিকা পটল ।

গাভী দুগ্ধ দিব মাতৃ দুগ্ধ অভাৱত।
আনিবেক গাভী দুগ্ধ সদ্যো দোহনত॥
হেন দুগ্ধক অল্প মাত্ৰ তপতাই।
দিব বালকক তাত কিছু দোষ নাই॥
অধিক নেদিব শীঘ্ৰে শীঘ্ৰে নেদিবেক।
দণ্ডৈক বিলম্বে পুনঃ দিবেক বাৰেক॥
বহু দিলে শীঘ্ৰে দিলে নহে পৰিপাক।
ভালক চাহন্তে পাছে মিলয় বিপাক॥
আৰ বিপৰীত আচৰিলে ৰোগ হয়।
ঔষধ নাজানি বৈদ্যা পিশাচ বোলয়॥
ভূমিষ্ঠ বালক যদি শৌচ নকৰয়।
সেই কাৰণত সেই ৰোগ উপজয়॥
ঔষধ খুৱই শৌচ কৰাইবা তাক।
কিৰূপে কিদিবা পাচে বুলিবোঁ তোমাক॥
নাড়ীচ্ছেদ কৰি শুখাবাৰ যত্ন নাই।
তাতো ৰোগ হোৱে সেই উপলক্ষ পাই॥
পৰিষ্কাৰ ৰাখিবাহা নাভি বোলা যাক।
বেদনা নাশন অল্প সেকিবাহা তাক॥
শীঘ্ৰ শুকাইলে “নাই” নাই কিছু ভয়।
কৰিবা ইসব কাৰ্য্যা নকৰি সংশয়॥
নচলে বাতাস যদি পোৱাতিৰ ঘৰে।
সিও দোষে বালকক সেই ৰোগে ধৰে॥
এই ছয় প্ৰকাৰত সেই ৰোগ হয়।
নাজানিয়া ওঝা সবে ভূত বুলি কয়॥