পৃষ্ঠা:সূতিকা পটল.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
সূতিকা পটল।


হেন জানি সতী,  নকৰা কুমতি,
 মোহৰ ক্ৰোধক ডৰা।
হুয়া সাৱধান,  কৰা সুবিধান,
 যি বুলিছোঁ তাক কৰা॥
কহিলোঁ যি কথা,  মানিবা সৰ্ব্বথা,
 নতুবা হব বিষম।
অন্য কথা নয়,  জানা সুনিশ্চয়,
 ঈশ্বৰৰ ই নিয়ম॥
এড়ি অন্য ভাৱ,  কৰি ভক্তি ভাৱ,
 ভাবা সেই চিদানন্দে।
ভাৱি শ্ৰীগোবিন্দ,  ৰচিল গোবিন্দ,
 যি কহিল চিদানন্দে॥

মাতৃহাৰ পাক কিয় হয়।

লক্ষ্মীক চাহিয়া বিনোদিনী বোলে বাণী।
গৃহদোষ ভিন্ন কি অন্যত নাই হানি॥
লক্ষ্মী বোলে আশ্ৰেণীৰ★ অশিক্ষা কাৰণ।
বহু প্ৰাণী হোৱে হানি নুবুঝি কাৰণ॥
বিনোদিনী বোলে তাক মোক শিক্ষা দিয়া।
দিবোঁ শিক্ষা মোহিনীয়ে প্ৰসৱে যেতিয়া॥


  • অশ্ৰেণী অৰ্থাৎ আশ্ৰয়িণী— যি তিৰোতাই কাষত থাকি গৰ্ভিণীক

প্ৰসৱৰ সময়ত সহায় কৰে।