এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯
সূতিকা পটল।
হৈলে নীতিহীন, দুই চাৰি দিন,
আগে পাছে প্ৰসৱয়॥
বিনোদিনী শুনি, বোলে মনে গুণি,
আছে দিন কিছু মান।
প্ৰসৱৰ ঘৰ, বান্ধোঁ শীঘ্ৰতৰ
আছয় কিবা বিধান॥
⸻
সূতিকা গৃহ।
লক্ষ্মী বোলে ঘৰ, মুক্ত স্থানে কৰ,
দুৰ্গন্ধ কাষে নথাকে।
পৰিষ্কাৰ স্থান, ভিটি পৰিমাণ,
ময় বোলোঁ শুনা তাকে॥
দৈৰ্ঘ্যে বাৰ হস্ত, ছয় হাত প্ৰস্থ,
উচ্চত হাত আড়াই৷
শুকান ভিটিত, হোৱে বহু হিত,
ভিজাত সকাম নাই॥
বেড়িবা চৌফালে, মুছিবাহা ভালে,
ৰাখিবা খিৰকী তাতে।
বেড়াতে মুঁ ধাৰ, খিৰকীৰ দ্বাৰ,
কাটা সম সূত্ৰপাতে★॥
★ অৰ্থাৎ মুধাৰ বেড়াত খিড়কি এনেকৈ কাটিবা যেন খিড়কীৰ ঠিক মুখামুখিকৈ আৰু এখন খিড়কি বা দুৱাৰ থাকে।