পৃষ্ঠা:সূতিকা পটল.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সূতিকা পটল।

পৰম বিপদ ইতো কথা তেনেহলে।
ই দেশত তাক “গৰ্ভ পামঙলী” বলে৷।
বসন্ত মাউৰ আদি খেদি ধৰা ৰোগ*।
অন্য কাৰো হই যদি কষ্ট কৰে ভোগ।৷
তাক দেখিবাক নযাইবেক মোহিনী।
নিবাৰণ কৰি ৰাখিবাহা বিনোদিনী।৷
ই-দুই ৰোগক বৈদ্য শাস্ত্ৰত কহয়।
স্পৰ্শজ দোষত আঁসি অন্যৰ হোৱয়।৷
গৰ্ভৱতী নাৰী যদি পড়ে ইতো ৰোগে।
মৃত শিশু প্ৰসৱিয়া নানা কষ্ট ভোগে৷।
আৰু এক কথা মনে পড়িলেক ভাল।
ইতো মধ্যে হৈলে কাৰো প্ৰসৱৰ কাল।৷
মোহিনীক দেখিবাক কৰিবা বাৰণ।
অন্তৰত ভয় পাইবেক অকাৰণ৷।

গৰ্ভনষ্টৰ আশঙ্কা।

গৰ্ভিণী পাৱয় শেষ ঋতু যিদিনত।
অসুখ জন্ময় মাস, মাস, সিদিনত +৷।


  • আই ওলালে বা হাজিয়া (মান্না) লাগিলে-সেইবোৰ ৰোগীৰ

ওচৰত নাযাব।
+ অৰ্থাৎ গৰ্ভিণীৰ শেষ ঋতু মাহৰ যি তাৰিখে হয়, তাৰ পাচত প্ৰসৱ নোহোৱালৈকে প্ৰত্যেক মাহৰ সেই তাৰিখে গৰ্ভিণীৰ অসুখ হয়। তেতিয়া বেছি শ্ৰম কৰিব নিদিব৷