পৃষ্ঠা:সূতিকা পটল.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
সূতিকা পটল ।

তাৰ চূর্ণ আধাৰতি কিংবা এক ৰতি।
হিমজলে শিশুক খুৱাব নিত্য প্রতি॥
মলৰ দুৰ্গন্ধ গুছি ৰঙো ভাল হব।
ধন্য মান্য অগ্রগণ্য ওঝা বুলি কব॥
ৰস ৰস সাগৰ সুত অঙ্ক।
গােবিন্দ চৌধুৰী শঁক বলয় নিশঙ্ক॥

দুটামান আবশ্যকীয় ঔষধ।

সন্তান হােৱাৰ পিছে ৰক্ত

ভাঙাৰ দাৰু।

 প্ৰসৱ হলে শয্যাত পড়ি নথাকি শীঘ্রে বহিলে উঠিলে ৰক্ত ভাঙে। ৰাইৰ গুড়া * ১০ বা ১৫ ৰতি কেঁচা পানী ৫ তােলাত গুলি একে বাৰে খুৱাব, ৰক্ত বন্ধ হব। বন্ধ নহলে পুনৰ এক বেলি খুৱাব।

 প্ৰসৱৰ দ্বাৰত শীতল জলৰ ধাৰা দিব। ফুল পড়াৰ পাছেহে ৰক্ত ভাঙে এতেকে ফুল পড়িল মাত্ৰকে সেই ঔষধ সেইরূপে খুৱাব। ৰক্ত ভাঙাৰ শঙ্কা নথাকিব। এক বেলি সন্তান হােৱাত ৰক্ত ভাঙিলে পুনঃ সন্তান হােৱাতো ভাঙে, এতেকতে ৰক্ত নভাঙোতেই সেই ঔষধ খুৱাব।

⸻⸻

  • স্বেতসৰপ বা শেয়া বেহাৰৰ দ্বাৰা কাজ চলে। ৰাইৰগুড়া ডাক্তাৰখানাত পোৱা যায়৷