পৃষ্ঠা:সূতিকা পটল.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
সূতিকা পটল ৷

সহ্য উষ্ণ সমন্বিতে জল নিগড়িয়া।
ৰঙা দাগে জাপিবেক সিতাে বস্ত্ৰ নিয়া॥
দুই দণ্ড মুতুলিব থাকিবেক ধৰি।
পুনঃ সেঁক দিব লাগে সেই ৰূপ কৰি॥
দিবা ৰাত্ৰ মধ্যত সেঁকিব বাৰ ছয়।
যেন কোনোমতে সংখ্যা অল্প নকৰয়॥
তাৰ অন্তে কপাসী তুলাৰ চাকা কৰি।
সেকি উঠিলাত জাপি থব তদুপৰি॥
ফটা কানি সংযোেগত বান্ধিয়া ৰাখিব।
সিতো দাগ এড়ি তুলা পড়িব নেদিব॥
নুগুছয় মানে কৰিবাহা এই ক্রম।
নকৰিলে ৰােগ বাড়ি ঘটিব বিষম॥
যদি তাৰ সঙ্গে পেট উফন্দি আছয়।
মৌৰি জল টাৰ্পিণক খুৱাবে লাগয়॥
তাৰ যোঁখা মাখা ক্ৰম কহি আছোঁ আগে।
সেই অনুসাৰে আতো খুৱাইবে লাগে॥
পথ্যাপথ্য পক্ষে এই বিবেচনা সাৰ।
সাগু আৰাৰুট খই মণ্ডই আহাৰ॥
যদি পেট নােফন্দয় দুগ্ধসমে দিব।
উফন্দি থাকিলে পেট দুগ্ধক নেদিব॥
পাঁচ ছয় টোপা ব্ৰাণ্ডী* তাত মিশলাই।
ঔষধার্থে সুৰাপান তাত দোষ নাই॥

  • ব্ৰাণ্ডী—মদ৷