পৃষ্ঠা:সূতিকা পটল.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
সূতিকা পটল।

বাবলা গাছৰ আঠা গোঁধ বোলে যাক।
ক্ষুদ্র কৰি কাটি বস্ত্ৰে বাঁধিবাহা তাক॥
দিবা ৰাত্র হিম জলে ভিজাই ৰাখিবা।
মিশ্রিত * মিলাই তাক খুৱাইয়া দিবা॥
লঘুপক্ক আহাৰ দিবাহা ধার্য্য কৰি।
সাগু আৰাৰুট দিবা দুগ্ধ পৰিহৰি॥
ঔষধৰ ওজন প্রমাণ একো নাই।
দিন পাঁচ ছয় দেখা ঔষধ খুৱাই॥
দুই তিনি বাৰ দিনে ঔষধ খুৱাব।
অবহেলা নকৰিলে উপকাৰ পাব॥

⸺⸺

পেট ফিকা।

যদি বালকৰ পেট উফন্দি ধরয়।
তাতে কোষ্ঠবদ্ধ তেসে প্রাণান্তিক ভয়॥
মৌৰি নামে মশলাক জলত ভিজাই।
সেই জলে ভেৰেণ্ডাৰ তৈল মিশলাই॥
তাতে নিয়া টার্পিণ তৈলক যােগ কৰা।
চাৰি চাৰি দণ্ড পিছে খুৱাইবে ধৰা॥
মৌৰি কিংবা জলৰ নাহিক পৰিমাণ।
বালক বুঝিয়া দিব হই সাবধান॥
বাৰ টোপা ভেৰেণ্ডাৰ তৈল মিশলাই।
ছয় টোপা টার্পিণ অধিক আৰ নাই॥

⸻⸻⸻⸺⸻⸻⸻⸻⸻⸻⸻⸺⸺⸺⸺⸻⸺⸻⸻⸺⸻

  • চিনিৰ দৰে মিঠা যি মিশ্ৰি।