পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল

পৰিৱৰ্তনৰ উপায়

 স্বাধীনোত্তৰ যুগত বহু শিক্ষাবিদৰ বহু আয়োগ গঠন হ’ল; কিন্তু কোনো এটি আয়োগেই ফলপ্ৰদ ৰূপত ৰূপায়িত হোৱা দেখা নগ’ল। বৰ্তমান কোঠাৰী আয়োগৰ চিন্তাৰ অনুকুলে দেশৰ শিক্ষাই গতি কৰিছে; কিন্তু ইও ফলৱতী হ’ব বুলি আশা কৰিব নোৱাৰি। দেশৰ শিক্ষিত নিবনুৱাৰ দ্ৰুততম বৃদ্ধিয়ে ইতিমধ্যে কোঠাৰী আয়োগসন্মত শিক্ষাৰো নিষ্ফলতা প্ৰমাণ কৰিছে।

 নিবনুৱা সমস্যা দেশৰ প্ৰধান প্ৰধান সমস্যাসমূহৰ ভিতৰত অন্যতম। আচলতে নিবনুৱা’ শব্দটোৰ ব্যৱহাৰিক অৰ্থ হৈছে—বন নোহোৱা বা বন বিচাৰি নোপোৱা লোক। অৰ্থাৎ বন যাৰ নাই সি নিবনুৱা। এই সূত্ৰমতে বিচাৰ কৰিলে ভাৰতৰ নিবনুৱা সমস্যাই ভাৰতত বনৰ অভাৱ ঘটাটোকে বুজায়; কিন্তু স্বৰূপাৰ্থত ই সত্য নহয়। ভাৰতত আজি সৰু-বৰ অজস্ৰ বন পৰি আছে; তথাপিও দেশত শিক্ষিতসকলৰ বেছি ভাগে চকুৰ আগত থকা বন দেখিও নেদেখা হৈ কিয় নিবনুৱাৰূপে ঘূৰি ফুৰে তাৰ প্ৰকৃত কাৰণ আজি শিক্ষাবিদৰ চিন্তাত ধৰা পৰা নাই। দেশত আজি শিক্ষিত নিবনুৱা বানপানীৰ দৰে বাঢ়িছে। শিক্ষিত লোকে উচ্চ শিক্ষা লোৱাৰ পিছত সাধাৰণতে আৰম্ভ হয় জীৱনৰ চাকৰি পৰ্ব। অশেষ নিকাৰভুঞ্জি চাকৰি পোৱাসকলে পঢ়া-শুনা সাৰ্থক হোৱা বুলি স্বস্তিৰ নিশ্বাস কাঢ়ে। আনহাতে অশেষ চেষ্টা কৰিও চাকৰিৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা শিক্ষিতসকলে নিজকে নিবনুৱা তালিকা ভুক্ত কৰে। অন্য কাম চকুৰ আগত থাকোতেও সেইসকলে নিজকে নিবনুৱা ৰূপ দিয়া কাৰ্যৰপৰা এইটো স্থিৰ কৰিব পাৰি যে শিক্ষিত নিবনুৱাৰ চাকৰিটোহে হৈছে একমাত্ৰ বন। 'চাকৰিয়েই বন’—এই ধাৰণা আজি সমাজত বাৰুকৈয়ে শিপাইছে। লক্ষ্য কৰিলে দেখা যায় যে নিৰক্ষৰ অশিক্ষিত লোকৰ মাজত নিবনুৱা সমস্যা প্ৰায় নাই; কিয়নো তেওঁলোকে মান-অভিমান আদিৰ চিন্তা নকৰি সৰু বৰ যিকোনো এটি কাম কৰিয়েই জীৱিকা নিৰ্বাহ কৰে। শিক্ষিত নিবনুৱাসকলৰ ক্ষেত্ৰত কিন্তু এইটো দেখা নাযায়। তেওঁলোেকৰ মাজত মান-অভিমান আৰু নিজকে শিক্ষিত বুলি কৰা ভেম, অহংকাৰ আদি পৰিলক্ষিত হয়। গতিকে