পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সুৰ বিচাৰি বাৰ বছৰ


লাগে। সক্ৰিয় সংগ্ৰাম শীলতাহীন আম ক্লীব সাহিত্যসভাৰ সাহিত্যিক সকলে সাহিত্য সভাক বৰ্ত্তমান জড়দগৱ অৱস্থাৰ পৰা উদ্ধাৰৰ চেষ্টা কৰাৰ লগে লগে দুৰ্বল অসমীয়া সংস্কৃতিৰ ফালটোলৈও সক্ৰিয় দৃষ্টি ৰখাটো ভাল। নহ’লে সাহিত্য, সংস্কৃতি উভয়ৰে অবনতিয়ে আমাৰ জাতীয়তা ধ্বংস কৰিব পাৰে।

 শঙ্কৰ মাধৱৰ বৰগীতবোৰ অসমীয়াৰ অমূল্য সম্পদ। কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ৰবীন্দ্ৰ সঙ্গীততকৈ আমাৰ বৰগীতবোৰ কোনো গুণে হীন নহয়। সৰ্বভাৰতীয় ৰেডিঅ’ সন্মিলনত কলাপ্ৰেমী বঙালী লোকসকলে শ্ৰদ্ধাৰে সৈতে ৰবীন্দ্ৰ সঙ্গীত পৰিবেশন কৰি ৰবীন্দ্ৰ ঠাকুৰৰ মান বঢ়াইছে। কিন্তু আমি হীন অসমীয়াই আনৰ পিঠাৰে বিহু পতাৰ মনোবৃত্তি লৈ আপোন পাহৰি শঙ্কৰ মাধৱৰ বৰগীতবোৰ বিকৃত কৰি যেন বহি আছো। শঙ্কৰ মাধৱৰ মান বঢ়াম দূৰৰ কথা, তেওঁলোকৰ নামত কলঙ্কহে সানিছো। আমাৰ বৰগীতে আজি সৰ্বভাৰতীয় স্বীকৃতিৰে সমাদৃত হোৱা নাই। সমাদৃত কৰাবলৈ অসমীয়া শিল্পী অপৰাগ বুলি ক’লেও বেছি কোৱা নহয়।

 শঙ্কৰী নৃত্যতো শাস্ত্ৰীয় গুণ নিহিত হৈ আছে। কিন্তু উপযুক্ত গৱেষণা আৰু চৰ্চাৰ অভাৱত সেই সকলোবোৰ আজি পৰি আছে। অসমীয়াৰ গীত, বাদ্য, নৃত্য, সুৰ,মঞ্চ, ৰাগ, সাহিত্য, ভাৱনা, খোল, মৃদঙ্গ, তাল আদিৰ শুদ্ধ পৰিবেশন নাই। কোনো শিল্পীয়ে এইবোৰত বিশেষ গুৰুত্ব দিয়া দেখা নেযায়। অসমীয়া জাতিৰ পক্ষে ই অতি ভয়াবহ কথা। মণিপুৰী নৃত্য আজি ভাৰত বিখ্যাত। কথক, ভাৰত নাট্যম আদি শাস্ত্ৰীয় নৃত্যৰ দৰে মণিপুৰী নৃত্যয়ো বিজ্ঞান সন্মত শাস্ত্ৰীয় গুণ লাভ কৰিছে। অসমীয়া নৃত্য শিল্পীসকলে সূক্ষ্ম চিন্তা কৰিলে অনায়াসে শঙ্কৰদেৱৰ নৃত্য সমূহক শাস্ত্ৰীয় গঢ় দি ভাৰত বিখ্যাত কৰিব পাৰিব বুলি ভবাৰ স্থল আছে। কামৰূপীয় সঙ্গীত পদ্ধতি আমাৰ নিজা বস্তু। হিন্দুস্থানী বা দক্ষিণ ভাৰতীয় কৰ্ণাটকী সঙ্গীতৰ দৰে কামৰূপীয় সঙ্গীতৰৰ নিজা তাল, ৰাগ আদি আছে। আধামৰা আধা জীয়াকৈ হ'লেও এই পদ্ধতিৰ দোষযুক্ত প্ৰচলন আজিও অসমীয়া নামঘৰে নামঘৰে, সত্ৰই সত্ৰই দেখা যায়। ৰূপক, একতালী, পৰিতাল যতি, খৰমান আদি তাল বিশিষ্ট আৰু বেলোৱাৰ, আশোৱাৰী আদি ৰাগ বিশিষ্ট সঙ্গীতবোৰৰ বিকৃতি ৰূপ নামঘৰ, সত্ৰৰ ভিতৰ চোতালত হলেও মাছে। এনেকুৱা বহু বিলাক অমূল্য সম্পদে। অসমখনত উপযুক্ত বিজ্ঞান সম্মত চৰ্চাৰ কেন্দ্ৰ নথকা বাবে অসমীয়া সূক্ষ্ম কলা পিচ পৰি আছে বুলি আমাৰ ধাৰণা।

 মন কৰিলে দেখা যায় আমাৰ সংস্কৃতিৰ দিশটো বেছি ভাগ সমাজৰ।