পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্ত্তমান অৱস্থা


 ভাষা সাহিত্যৰ দৰে সেই সময়ত আমাৰ কলা সংস্কৃতিয়েও ধ্বংস মুখী অৱস্থা এটাৰ সন্মুখীন হৈছিল। কিন্তু নবন্যাস যুগৰ সাৰথি সকলৰ দৰে ধ্বংস মুখী সংস্কৃতিক উদ্ধাৰ কৰিবলৈ সেই সময়ত প্ৰতিভাবান শিল্পী বেছি নোলাল। সাহিত্যিক সকলেও এই সংস্কৃতিৰ দিশটোত বৰ বেছি চকু নিদিলে। অৱশ্যে ডাঃ ৰাধিকা মোহন ঢেকীয়াল ফুকন দেৱে তেতিয়াই ইউৰোপৰ পৰা ঘূৰি আহি ঘৰে ঘৰে পৰি থকা অৱহেলিত গীত-মাত, বৰগীত আদিৰ উন্নতি কল্পে অলপ চেষ্টা চলাইছিল। কিন্তু ই তেনেই নগণ্য আছিল। সেই সময়ত শঙ্কৰ মাধৱৰ পবিত্ৰ নাটতো সূত্ৰধাৰী ভাৱৰীয়াৰ বচনে বিকৃত ৰূপ লৈছিল। গীত-মাতৰ অসমীয়া সুৰ আঁতৰাই দি বঙালা, ইংৰাজী, হিন্দী আদি মিহলি সুৰে খোপনি পুতিছিল। শুধ বগা এৱা গাখীৰৰ দৰে আমাৰ পবিত্ৰ সংস্কৃতিত যেন গৌৰৱৰ চিটিকণিহে পৰিছিল।

 অসমীয়া জাতিৰ প্ৰাণ শ্ৰীশ্ৰী শঙ্কৰদেৱে অসমীয়া জাতিক সাহিত্য সংস্কৃতিৰ তেজ পানীৰে জিলিকাই তুলিছিল। পিতৃত্বৰ মৰমেৰে এই জনা পুৰুষে আমাক লহ- পহীয়াকৈ সজাই পৰাই শুদ্ধ অসমীয়া কৰিছিল। কিন্তু দূৰদৰ্শী আদৰ্শ বৃদ্ধ পিতৃৰ মৃত্যুৰ পিচত অযোগ্য সন্তানে ঘৰৰ অবনতি মাতি অনাৰ দৰে, অযযাগ্য অসমীয়ায়ো গুৰুজনাৰ মৃত্যুৰ পিচত আমাৰ সংস্কৃতিৰ ওপৰত পৰা বিজাতীয় প্ৰভাৱ দূৰ কৰিব নোৱাৰি নিজত্ব বিসৰ্জন দি অতীত গৌৰৱ ঐতিহ্য সকলো যেন বিলুপ্ত কৰিলে। লাইখুটা ভাঙিলে বৰঘৰ দুৰ্বল হোৱাৰ দৰে গুৰুজনাৰ মৃত্যুৰ পিচত আমাৰ সংস্কৃতিৰ বৰঘৰটোও যেন দুৰ্বল হৈ পৰিল। ই যেন ভাৰসাম্য হেৰুৱালে। আজি আমাৰ কলা সংস্কৃতিৰ পানীত হাহঁ নচৰা অৱস্থা সমুপস্থিত। গুৰিয়ালহীন নাও চাকনৈয়াৰ মাজে মাজে আসন্ন মৃত্যুৰ ক্ষণ গণি এনি তেনি উটি যোৱাৰ দৰে অসমীয়া কলা সংস্কৃতিয়েও গুৰিয়ালহীন হৈ মৃত্যুৰ ক্ষণ গণিছে। অসমীয়া সাহিত্যিক সকলে কিঞ্চিত পৰিমাণে হ'লেও সাহিত্য চৰ্চা কৰিবলৈ এৰা নাই। কালজয়ী সাহিত্যৰ সৃষ্টি কৰিব নোৱাৰিলেও অন্ততঃ তেওঁলোকে মাতৃ-ভাষাৰ চিন্তা অলপ কৰিছে। কিন্তু বৰ্তমানৰ অসমীয়া শিল্পী সমাজে কলা সংস্কৃতিৰ শুদ্ধ বিকাশৰ সুস্থ চিন্তা কৰিবলৈ যেন পাহৰি গৈছে। সাহিত্যিক সকলৰ চেষ্টাৰ গুণত অসমীয়া সাহিত্যৰ বুৰঞ্জীয়ে আজি ৰূপ লৈ উঠিছে। কিন্তু শিল্পীসকলৰ এলাহ বা অজ্ঞতাৰ গুণত আজি পৰ্য্যন্ত অসমীয়া কলা সংস্কৃতি সুপ্ত হৈ থাকিল। শিল্পী সকলে আৰু হাত সাৱটি বহি নেথাকি কলা-সংস্কৃতিৰ ক্ষেত্ৰত পৰীক্ষা চলোৱা উচিত।

 সাহিত্যৰ লগত সংস্কৃতিৰ ওতঃপ্ৰোত সম্বন্ধ আছে। সম্বন্ধ থাকিলেও বৰ্তমান সাহিত্যিক সকলে সংস্কৃতিৰ ফালটোক ভালুকৰ সাঙী বুলি ভবা যেন