পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শাস্ত্ৰীয় সংগীত আৰু অসম

 খৃষ্টীয় পঞ্চদশ আৰু ষষ্ঠদশ শতিকাত মুছলমান সম্ৰাট সকলৰ পৃষ্ঠপোষকতাত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বহুল উন্নতি সাধিত হৈছিল। সেই সময়ছোৱাতে অসমীয়া কলা কৃষ্টিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে অসমত জন্ম গ্ৰহণ কৰি ধৰ্ম, সাহিত্য আদি সকলো দিশতে মৃত্যুমুখী অসমীয়া জাতিটোক উদ্ধাৰ কৰে। গীত-মাত, নাটক আদিয়ে জনসাধাৰণৰ মন সহজতে আকৰ্ষণ কৰে কাৰণে শংকৰদেৱে সেইবোৰৰ মাজেদি অসমীয়া জাতিক ধৰ্ম জ্ঞানৰ শিক্ষা দি জাতীয়তা ৰক্ষা কৰিছিল। বাৰ বছৰ কাল ধৰি ভাৰতৰ নানা ঠাই ঘূৰি ফুৰি মহাপুৰুষ জনাই ভাৰতৰ বিভিন্ন ঠাইত পূৰ্ণ উদ্যমে চৰ্চা হৈ থকা শাস্ত্ৰীয় সংগীতৰ সোৱাদ লাভ কৰে আৰু ভ্ৰমণৰ পৰা উভতি আহি শাস্ত্ৰীয় সংগীতৰ বিভিন্ন ৰাগবোৰ অসমতো প্ৰচাৰ কৰাৰ প্ৰয়াস কৰে। অজ্ঞ জনসাধাৰণৰ মাজত বিজ্ঞানসম্মত প্ৰণালীত সেইবোৰৰ চৰ্চা কৰাৰ সুবিধা হয়তো বেছি নাপালে। বৰগীতৰ মাজতে শংকৰদেৱে ৰাগবোৰৰ অলপ অচৰপ ৰূপ আঁকি ৰখাৰ চেষ্টা চলালে। আজিও আমি ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বহুতো ৰাগৰ নাম শংকৰদেৱৰ বৰগীত সমূহত পাওঁ। কিন্তু শাস্ত্ৰীয় সংগীতৰ যিখিনি ক্ষীণ আভাস বৰগীতত সোমাই আছে সেইখিনিও কিতাপে- পত্ৰই সংগীতৰ নিয়ম অনুসৰি লিখা নথকা বাবে সময়ৰ গতিত আজি বিকৃত ৰূপ লৈছে। সত্ৰই সত্ৰই অথবা নামঘৰৰ ভিতৰ চোতালত আতৈ ভকতসকলৰ কণ্ঠৰ পৰা ক্ৰমে বাগৰি আহি আহি বৰগীতবোৰে আগৰ ৰূপ হেৰুৱাই পেলাইছে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে যিবোৰ সংগীত ৰচনা কৰি গৈছে সেইবোৰ স্বৰলিপিৰ মাজত ৰক্ষিত হৈ আছে। সেইবাবে আজিও তাৰ পৰিবেশন বিজ্ঞান সন্মত। সাংস্কৃতিক দিশত অতি সচেতন বঙালী সকলে শ্ৰদ্ধাসহ ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰে। তেওঁলোকে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনা আৰু সুৰৰ ওপৰত পাণ্ডিত্য প্ৰদৰ্শনৰ চেষ্টা নকৰে। কিন্তু স্বৰলিপিৰ ব্যৱস্থা শংকৰদেৱে কৰি থৈ নোযোৱা বাবে বৰগীতৰ সুৰ বিভ্ৰাট ঘটিছে আৰু সাংস্কৃতিক দিশত অতি অসচেতন অসমীয়া সকলে অশ্ৰদ্ধা সহ বৰগীত পৰিবেশন কৰি হোৱাই নোহোৱাই মহাপুৰুষ শংকৰদেৱৰ ৰচনা আৰু সুৰৰ ওপৰতো কৃত্ৰিম পাণ্ডিত্যৰ