পৃষ্ঠা:সুৰভি.pdf/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮৫ )

সত আৰু, সহভোজনত আৰু স্পৰ্সনত আমাৰ জাত মৰি খাস্তাং হব! আমি যাৰ নাম লৈ, যাৰ যহত বৰ বামুণ, বৰ কায়স্হ, বৰ কলিতা, বৰ জাতৰ বুলি চলিব লাগিছোঁ‌, তেওঁলোকে অন্ততঃ এদিনলৈকে আমাৰ ঘৰত আলহী ৰব লাগিলে, আমি আমাৰ চৰু-হাড়ী পেলাই, কাপোৰ-কানি ধুই, গোবৰ পানী খাবলগীয়াত পৰিমহ'ক, তাৰ পাছত গঙ্গাস্নান আৰু, গোঁসাই প্ৰভুৰ ঘৰৰ দঁ‌ড় আমাৰ কপালত আছেই! আৰু তেওঁলোকেও আমাৰ গঢ়-গতি দেখি আমাক অসুৰ আৰু দস্যু বলি নেওচা-কেওচা দি তেতিয়াই গুচি যাব যে এই- টোও ধৰূপ।”

 “মোৰ এই দীঘল আৰু, গাজত লাগি যোৱা বক্তৃতা শুনি উকিল ডাঙ্গ- ৰীয়াৰ মুখৰ মাত হৰিল; আৰু সিজনও নিমাত হৈ ৰল। কিছুপৰ উকিলে টভক মাৰি থাকি মাত লগালে, “আপুনি বৌদ্ধ কি খৃষ্টান কিবা এটা হৈছে, নতুবা এইবোৰ বামানয় শাস্ত্ৰৰ মত উলিয়াই বেদপন্থ ছন কৰি লোকৰ মন মুহিবলৈ যাব কিয়? আপোনাৰ কথা আৰু, যুক্তি শুনিলে পাপ হয়।”

 “পাপ হয় যদি নালাগে শুনিব; জাতিৰামৰ জাতৰ হিচাপ-কিতাপৰ ‘নিকাচ’ কবি পুণ্য কৰি থাওক” বুলি মই তাৰ পৰা উঠি গুচি আহিলোঁ।

⸻⸻