আজিকালি একুৰি ডেৰকুৰি টকীয়া মৰগ গাই এজনী সেই পৰাচিতৰ দক্ষিণা
বা বেচ স্বৰূপে নিদি, ফাকি মাৰি বাব সৰা এধেনুৰ মূল্য এক অনা বা
দু ধেনুৰ মূল্য দুই অনা দিবৰ ব্যৱস্থা হৈছে। ইংৰাজী ভাষাৰ Pecuniary
অৰ্থাৎ ধন বুজোৱা শব্দটোও লেটিন ভাষাব Pecus অৰ্থাৎ গৰু-ম’হ আদিক
বজোৱা শব্দটোৰ পৰা ওলাইছে। ৰোমান লেটিন আৰু ইংলণ্ডৰ ইংৰাজ
জাতিও তেও আপোনালোকৰ পূৰ্ব্বপুৰুষ আৰ্য্যৰে ফটা ফৈদ একোটাহে।
এনেস্থলত আপোনালোকৰ জাতৰ জাত কি বুজিবই পৰা গৈছে। বৈদিক যুগৰ
পিছত পৌৰাণিক যুগত জাতৰ সৃষ্টি বুলি সকলো দেশৰ পণ্ডিতে সিদ্ধান্ত
কৰিছে। মহাভাৰতত আছে, প্ৰথমেই কোনো জাত নাছিল, পিছত লাহে লাহে
কৰ্ম্ম অৰ্থাৎ নিজ নিজ ব্যৱসায় অনুসাৰে জাতৰ সৃষ্টি হল। যজ্ঞ যজ্ঞ হোম
শাস্ত্ৰোলোচনা আৰু পুৰোহিতৰ কাম কৰোঁতাবিলাক ব্ৰাহ্মণ হল, বামুণৰ যজ্ঞাদিৰ
বিঘিনি নিবাৰণৰ অৰ্থে আৰু শত্ৰুৰ পৰা দেশ আৰু ঘৰ-বাৰী ৰক্ষাৰ
নিমিত্তে যুদ্ধ কৰিব লগীয়া বিলাক ক্ষত্ৰিয় হল; খেতি আৰু খেতিৰ পৰা উৎপন্ন
হোৱা বস্তুৰ বেহা-বেপাৰ কৰোঁতাবিলাক বৈশ্য হল; আৰু দাসত্ব অৰ্থাৎ
লগুৱাৰ কাম বা সেই শাৰীৰ আন চাকৰি কৰোঁতাবিলাক শূদ্ৰ হল। এই জাতি
বিভাগৰ মানে বুজিব নোৱাৰা নহয়। যেয়ে যেনে কাম বা ব্যৱসায় কৰে আৰু
বিশেষকৈ পূৰুষাণুক্ৰমে কৰে, তাৰে স্বভাৱ আৰু চলন ফুৰণৰ লাহে লাহে
পৰিবৰ্ত্তন হৈ সি সেই কামৰ সৈতে সামঞ্জস্য লাভ কৰে। জন্তু কাটি মঙ্গহ
বেচি জীৱিকা উপাৰ্জ্জন কৰোঁতাবোৰ স্বভাৱতে নিম্মৰ্ম নিষ্ঠুৰ নহৈ নাথাকে।
গূৱালে গাখীৰ, ঘিউ, মাখন, লৱনুৰ ব্যৱসায় কৰি, আৰু পোৱালিৰ প্ৰতি
গাইৰ মৰমৰ ভাব দিনে দিনে দেখি, তেনে কোমল আৰু মৰমিয়াল স্বভাৱ লাভ
কৰে। ব্ৰজৰ কোমল আৰু মৰমিয়াল স্বভাৱৰ নন্দ যশোদা আৰু আন গোপ
গোপীৰ উদাহৰণ দি এই কথাৰ প্ৰমাণ দিবলৈ যোৱাটো বাহুল্য মাথোন।
বামুণে দিনে ৰাতিয়ে শাস্ত্ৰালোচনা ঈশ্বৰ চিন্তা আৰু ওখ ভাব বিলাকৰ
আলোচনা আৰু আন্দোলন কৰি সাত্বিক স্বভাৱ পায়; ক্ষত্ৰিয়ই যুদ্ধত লিপ্ত
থাকি ৰাজসিক স্বভাৱ লভে। মৰণলৈ ভয় নথকা, আপোনাৰ কথা অৰ্থাৎ
প্ৰতিজ্ঞা প্ৰাণপনে ৰক্ষা কৰা, আৰু গাত শক্তি থকা গতিকে বেকা বাটেদি নগৈ
পোনপটিয়ে সকলো কথাতে যোৱা, আশ্ৰিতক বিপদত ৰক্ষা কৰা আৰু তাৰ
নিমিত্তে অকাতৰে প্ৰাণ পৰ্য্যন্ত দিবলৈ সাজু হোৱা আদি স্বভাৱ ক্ষত্ৰিয়ৰ
ব্যৱসায় গুণত হয়। শৰণাগত কপৌৰ প্ৰাণ ৰক্ষাৰ্থে শ্যেনক নিজৰ গাৰ মঙ্গহ
দিয়া শিবি ৰজাৰ উদাহৰণ দি এই কথা আপোনাক বুজাবলৈ যাবৰ সকাম নাই,
কাৰণ আপুনি সেই কথা ভালকৈ জানে। বৈশ্য বা বণিয়াই বেহা বেপাৰ কৰি
ন্যায় বা অন্যায় বাটলৈ বৰকৈ চকু নিদি মাথোন ঘটিবলৈ চোৱা অৱস্থাৰ পৰা
পৃষ্ঠা:সুৰভি.pdf/৮৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৮০ )