পৃষ্ঠা:সুৰভি.pdf/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭৮ )


দৈবাৎ ভগা শিলগুটি এটা পৰিলেই তেওঁলোকৰ মতে জাতে খুন্দা খাই শবদ কৰি ভাগি চু্চুৰ্মৈ হয়। ডাঙ্গৰীয়া! মানুহ যদি নিস্কৰ্মা হল, আৰু তাৰ ওপৰত তাৰ স্বভাৱটো যদি চকুপোৰা হল, তেন্তে এই শাৰীৰ চৰ্চ্চাই, ফুটুকা গছত যখিনীয়ে বাহ লোবা দি তাৰ গাত বাহ লয়। কিন্তু এটা কথা আজি মই ডাঙ্গৰীয়াক কওঁ মোৰ দায় দোষ মৰষিব। আমাৰ দেশৰ বাৰ অনা মানুহৰ গাত এই দোষটো প্ৰবল। আৰু সেই নিমিত্তেই আমাৰ দেশখনে উদ্‌গতি কৰিব পৰা নাই। ডাঙ্গৰীয়াই জানে মই খোলা কথাৰ মানুহ, আনৰ কথাকে নকওঁ, ডাঙ্গৰীয়াইও চল পালে লোকৰ জাত কুল গোধ খুচৰিবলৈ নেৰে। এতিয়া ডাঙ্গৰীয়াই গা পাইছেহি দেখি ডাঙ্গৰীয়াই, লুইতৰ দৰে বঠাৰ কোব নিজৰ গাত কিমান দূৰলৈ বহিছে বুজিব পাৰিছে। পৰৰ নিন্দা কুবাদ বিচাৰি ফুৰাজনক শাস্ত্ৰই খহু বিচাৰি ফুৰা মাখি নাম দিছে। অৱশ্যে মৌ মাখি নহয়, গেৰেকানিত ওপজা আৰু গেৰেকানিত প্ৰতিপালিত হৈ ডাঙৰ দীঘল হোৱা সাধাৰণ মাখিহে। পৰৰ দোষ বিচৰাসকল সদায় নিজৰ দোষৰ ফালে চকু মুদা হয়; লোকৰ দোষ খুচৰি ফুৰোঁতেই তেওঁলোকৰ গোটেই সময় যায়, নিজৰ ফালে চকু দিবলৈ তেওঁলোকৰ আহৰি নহয়। এই বিধ মানুহৰ চকুত লোকৰ দোষ ডাঙৰটো হৈ পৰে; কিন্তু নিজৰ দোষ নপৰে, আৰু কোনোবা কাচিৎ ছঁয়া-ময়াকৈ পৰিলেও ‘বালি পৰিছ যদি পমি যা, কূটা পৰিছ যদি উৰি যা’ হয়। আৰু জাত! কবলৈ গলে, উকিল ডাঙ্গৰীয়া! ভালেমান কথা মুখৰ পৰা ওলায়। বোলে হাড় নাইকিয়া জিভা। মাতে কিবা কিবা।৷ মোৰ মুখখন জপাব নোৱাৰোঁ দেখিয়েই, ডাঙ্গৰীয়া, মোৰ এই দুৰ্দ্দশা! কিয়? বঙ্গালী কেইটা অশুচি, অসমীয়া কেইটাহে শুচি? অপৰাধ? বঙ্গালীৰ ভিতৰত জাত কুল থকা ধৰ্ম্মীষ্ঠ মানুহ নাই; ফাপৰে ধৰা ছাল-ছিগা অসমীয়া কেইটাৰ হে সেই বিষয়ত অকলসৰীয়া অধিকাৰ? নমো নমো পাৰিজাত অসমীয়া কেইটাৰ বাহী গাত কুকুৰে ছুলেই তেওঁলোক বিধুতী হয়! এনেখন বিশ্বাসৰ খেৰ-কূটা গোটাই বাহ একোটা সাজি লৈ, আমাৰ অসমীয়াই জাতৰ ঘোলা কণি একোটা তাতে পাৰি উমনি দি সদায় বহি আছে! তেওঁলোকৰ বাহ থকা গছৰ গুৰিডাল সময়-লুইতৰ গৰাখহনীয়াত যে লাহে লাহে খহি যাব লাগিছে, তেওঁলোকৰ উমানেই হোৱা নাই। ডাঙ্গৰীয়া এটি কথা শোধোঁ, তাৰ উত্তৰটো মোক দয়া কৰি দিয়কচোন? আপোনালোকে নিজক আৰ্য্য বুলি দেখোঁন তিনিউ প্ৰসঙ্গত বৰকৈ গপাই ফুৰে, আৰু, নিজক টিংখোপৰ ওপৰত তুলি থৈ দি দয়াৰ চকুৰে তলৰ ফালে লোকলৈ চায়। আৰ্য্য মানে কি তালৈ এবাৰ মন কৰি চাইছেনে? আৰ্য মানে হালোৱা নহয় নে? আপোনালোকৰ পণ্ডিতসকলেই দেখোন কয়, ঋ বা অৰ্ ধাতুৰ পৰা আৰ্য্য, তাৰ মানে হাল বোৱা। হাল বাই খেতি কৰি জীৱিকা নিৰ্ব্বাহ