পৃষ্ঠা:সুৰভি.pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাতিৰামৰ জাত

 মধুৰাম নেওগে এই আখ্যানটো সিদিনা মোৰ আগত কৈছিল। মই তেওঁৰ মুখৰ পৰা “যথা শ্ৰূতং তথা লিখিতং লিখকে নাস্তি দূষণম্।”

 “কটা, কটা, হাবুঙীয়া বামুণৰ ঘৰৰ লৰা, তাৰ-জাত! হাবুঙীয়া বামুণৰ উৎপত্তিৰ খবৰ মোৰ আঙ্গুলিৰ মূৰত, তাৰ জাত। সিদিনা বঙ্গালপটীত সি মতিবাবু উকিলৰ ঘৰত বঙ্গালৰ হোকাতে টোৰোক্ টোৰোক্ ধপাত মাৰি আছে, মই নিজ চকুৰেই দেখি অহা কথা, তাৰ জাত! মুদীপটীৰ ওচ্মান বেপাৰীৰ হিচাবৰ ‘খাতাত’ ভালকৈ বিচাৰিলে আজিও তাৰ নামে কালিয়নে বিস্কুট কিনাৰ হিচাপ ওলাব কিজানি, তাৰ জাত! চাহাবাবুৰ মদৰ দোকানৰ হিচাপৰ কিতাপতো কিজানি বিচাৰিলে তাৰ নামে, ধাৰে মদ কিনি খোৱাৰ বেচ আজিও পৰি থকা পোৱা যাব, তাৰ জাত! কিবা বোলেনে হেৰিয়াৰ জাত! তাৰ নিজৰ গা বোকাৰে টেক্ টেকীয়া অথচ সি লোকৰ গালৈ পানী চটিয়ায়, মোৰ লৰাটোৰ জাত গল কুল গল বুলি সি বদনাম কৈ ফুৰে।”

 ‘মীনধৰ উকিলে ওপৰত কোৱাৰ দৰে গৰ্জ্জি থাকোঁতেই মই (মধুৰাম নেওগ) তেওঁৰ কাষত ওলালোঁগৈ॥ মই যোৱাৰ আগৰে পৰা তেওঁৰ কাষতে বহি “এৰা এৰা” “হয় হয়” “ঠিক কৈছে” কৈ মূৰ দুপিয়াই, বিয়াহ গোৱা ওজাৰ পালীয়ে ওজাৰ পদৰ পোষকতা কৰি তাল ধৰি থকাদি কেশৱৰাম তৰণিয়ে তেওঁৰ গোজৰণিৰ পোষকতা কৰি তাল ধৰিব লাগিছে। মোক দেখি উকিল ডাঙ্গৰীয়াই চলিত আদৰ সম্ভাষণ বা আন কোনো কথা নকৈ বৰং মোৰো মূৰৰ ভাপটো তেওঁৰ মূৰৰ ভাপেৰে সৈতে সমান কৰি লবৰ মনেৰেই হবলা আৰু টানকৈ আকৌ এজাউৰি গুজাৰি ললে। উকিল ডাঙ্গৰীয়াৰ গোজৰণিৰ সুৰুঙা বিচাৰি উলিয়াই লৈ, মই মিহিকৈ মাত লগালোঁ। “কি হল? আজি কাৰ ওপৰতনো ইমানটো খং কৰিছে? কোনে নো আপোনাৰ লৰাৰ জাত গল বুলি কলে?"

 উকিল—“কোনে কলে? আৰু কোনে কব; যাৰ নিজৰ আগ-গুৰিৰ ঠিকনা নাই, যাৰ পৰৰ নিন্দা, পৰৰ চৰ্চ্চা, লোকৰ বাদ কুবাদৰ আলচ কৰি