পৃষ্ঠা:সুৰভি.pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭৫)


ডাঙ্গৰ ছোৱালী বিয়া নিদিয়াকৈ ৰাখি থলেই এনেবোৰ বিপদ হয়। ডাকঘৰৰ বাবুয়ে নিলে বুলি তুমি কেনেকৈ জানিলা?’ তৰণিয়ে উত্তৰ দিলে— এইখন চিঠি চাওক।’ দেউতাই চিঠখন হাতত লৈ পঢ়িলে—

 ‘দেউতা,

  “তুমি যি ভাবি যি কৰিবলৈ গৈছা সি সিদ্ধি নহয়। ভাল মানুহৰ নিৰ্দ্দোষী লৰাক তুমি সাঙুৰিব নোৱাৰা। মই সদায় যাক মনতে পতি বৰণ কৰি আহিছোঁ, তেওঁৰ লগলৈ মই এতিয়া যাবলৈ ওলালোঁ। দুখীয়া সনাতন হে. যাক তুমি দেখিবকে নোৱাৰা, মোৰ স্বামী। এই কথাৰ অন্যথা কোনেও কৰিব নোৱাৰে। তুমি যদি কেতিয়াবা মোৰ দোষ মৰ্ষণ কৰিব পৰা, তেতিয়া মোৰে সৈতে দেখা হব, নতুবা এয়ে মোব শেষ বিদায় বুলি লবা।

তোমাৰ জগৰীয়া জীয়েক
শ্ৰীমাধৈমালতী।"

⸻⸻