পৃষ্ঠা:সুৰভি.pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭৩)


বাটকে ধৰিলোঁ। বিশেষ, মই কৰিবলৈ অহা কাৰ্য্যটিও যে কিবা ওপৰ খাপৰ আছিল এনে নহয় : বৰং তাতকৈ তৰণিয়ে ভবাটো জগৰেই মোৰ মনত অলপ গৌৰৱৰ যেন লাগিল। সেইদেখি মোৰ গাত পৰা জগৰকে সাৱটি ধৰি গাত পাতি লৈ মাত লগালোঁ— ’মোৰ দোষ ক্ষমা কৰক; এই কথা আন কাকো নকৈ আপুনি মনে মনে থাকক, পোন বাটেও কাৰ্য্য অসম্ভৱ নহয়!’ মোৰ কথা শুনি তৰণি মোৰ হাতটো এৰি দি কলে ‘বাৰু যোৱা’ এই বাৰলৈ এৰি দিলোঁ, আৰু এনে কাম নকৰিবা। কিন্তু তৰণিয়ে কথাষাৰ কোৱাৰ গঢ়ত বুজিলোঁ যে মই এই জগৰ দিনৌ কৰিলে তেওঁ আৰু সন্তোষ পাব।

 “এই কথাৰ পিছত মই তৰণিৰ ঘৰৰ পৰা ওলাই দুৱাৰমুখ পাৰ হৈছোঁ মাথোন, এনেতে তেওঁ আকৌ মাত লগালে,” বোপা শুনি যোৱাঁ! বৰ আইটী অ! সেই পগোৱা এৱা গাখীৰ যে আছিল, তাৰে এবাটি বোপাক দে, খাই যাওক!” মই ‘আজিলৈ থাওক, কাইলৈ আহি খাম' বুলি কৈ লৰালৰিকৈ গুচি গলোঁ।

 “পিছদিনা তৰণিৰ জীয়েক মাধৈমালতীয়ে তলত দিয়া চিঠিখন লেখি সৰু, ভায়েকটোৰ হাতত গোপনে মোলৈ পঠিয়াই দিলে।—

‘ককাইদেউ,

 আপুনি মোৰ শত সহস্ৰ সেৱা জানিব। আপুনি কালি মোক যিটো বিপদৰ পৰা ৰাখিলে, জীয়াই থাকো মানে মই আপোনাৰ ধাৰ সুজিব নোৱাৰোঁ। আজি মই আপোনাৰ আগত মোৰ মন খুলি সকলো কথা কম; আশাকৰো আপুনি মোৰ দুখত সহানুভূতি কৰিব। মই আখলৰ পৰা ওলাই যাৰ মুখ চাবলৈ আৰু যাৰ মৌ সনা মাত শুনিবলৈ গৈছিলোঁ, তেওঁ মোৰ প্ৰাণতকৈও অধিক। মই তেঁওৰ চৰণৰ দাসী। তেওঁঁত মই মোৰ মন প্ৰাণ যথা সৰ্ব্বহ সমৰ্পণ কৰিছোঁ৷ ঈশ্বৰে কৰিলে অচিৰতে মই তেওঁক পাম। কিন্তু দেউতাই তেওঁৰ নামকে শুনিব নোৱাৰে। কিয় জানে নে? তেওঁ দুখীয়া; তেওঁ আমাৰে নিচিনা এধাকেচেলুৱা; তেওঁ ডাকঘৰত ডেৰকুৰি ৰূপ দৰমহাত কেৰেণীৰ কাম কৰে। মোৰ দেউতাক জোঁৱাই কৰিবলৈ মনচুপ সদৰামিনৰ ঘৰৰ লৰা লাগে, নহলে তেওঁৰ মন নুঠে। কিন্তু তেওঁৰ আশা যে আকাশ কুসম সেইটো তেওঁ বুজিবৰ শকতি নাই। তেওঁ সমাজত নিজৰ ঠাই কত বুজিব নোৱাৰে। তেওঁৰ ভয়ত মই লুকাই চুৰকৈ এইদৰে চলিব লগীয়াত পৰিছোঁ। কিন্তু এই বাটৰ ওৰ বেগতে পৰিব; মোৰ বস্তু মই সোনকালে পাম। অৱশ্যে মোৰ কাৰ্য্যত দেউতাই শোক পাব; আৰু মোক অকৃতজ্ঞ বুলিব। কিন্তু মই নিৰুপায়। সি যি হওক ঈশ্বৰৰ ইচ্ছাত যিটো হয়, তাক কোনেও খণ্ডাব নোৱাৰে। আপুনি