(৭২)
পিছত তেওঁ আখলৰ খোটালিৰ পৰা ওলাই আহি ছাগলীঘৰৰ কাষ
পালেহি। তেওঁ সেই ফাললৈ আহিলতে, মোৰ ওপৰত অনধিকাৰ প্ৰৱেশ
আৰু চুৰিৰ অভিযোগ দিবৰ মনেই নে কি, সেই ঘৰৰ ‘বাসীন্দা’ আন এজনী
ছাগলী হঠাৎ দপদপাই উঠিল। কিয় ছাগলীজনীয়ে দপদপাইছে বুলি
তৰণি ছাগলীৰ ঘৰত সোমাল। আৰু ‘ক’ৰ পিছত ‘খ’ অহাদি মই ধৰা
পৰিলোঁ! মোক দেখিয়েই তৰণিয়ে ‘চোৰ ঔ!’ বুলি ৰিং মাৰি দিলে, আৰু
চোচা মাৰি আহি খপকৰে মোৰ হাতত ধৰিলে। তাৰ পিছত মোক টানি
বাহিৰলৈ আনি ঘৈণীয়েকক লৰি চাকিটো লৈ আহিবলৈ মাতিলে। চাকি
হাতত লৈ ঘৈণীয়েক লৰি আহিল; লৰালৰিৰ বেগত তেওঁৰ গাৰ ৰিহাখনৰ
আদখিনিয়ে মাটি সাৰি আনিলে, আৰু মেঘমুক্ত শশধৰৰ নিচিনা মই
চাকিৰ পোহৰত প্ৰকাশিত হৈ পৰিলোঁ। তৰণিয়ে মোক দেখি চিনি পায়েই
হাঁঃ! হাঁঃ! হাঁঃ! কৈ যে বিকট হাঁহিটো হাঁহিলে, তাক মই কি
কম! জয়ৰ উলাহেৰে তেওঁ মাত লগালে,— ‘বোলোঁ এইবোৰ কেনে কথা?
ভাল মানুহৰ ঘৰৰ লৰা হৈ চোৰৰ পকিৰ্তি কিয়? দেখা-শুনাকৈ খুজি-বাঢ়ি
বিয়া-বাৰু, কৰাই নিলেই দেখোন হয়, চোৰাংকৈ চলিবৰ সকাম কি? মই
এতিয়াই ধৰি থানালৈ পঠিয়াই দিলে কাৰ্য্য সাং! তোমাৰ দেউতা ডাঙ্গৰীয়াৰে
সৈতে আমাৰ ঘৰ মানুহৰ বন্ধুতা যাউতীযুগীয়া; সেইদেখি অৱশ্যে মই
তেনেকুৱা লোক-হাঁহিয়াতৰ কাম নকৰোঁ নিশ্চয়। কিন্তু পোন পটিয়ে চলিব
লাগিব; বেকা বাটে চলিব নিদিওঁ।’তৰণিৰ এই কথা কেইষাৰ শুনি তেওঁ
কি ভাবি কি কৈছে, সেইটো মোৰ মনত বিজুলী মৰা দি মাৰিলে; আৰু মই
ঘটনাটোৱে কেনি পাক লৈছে বুজি পেলাই বৰ লাজ পালোঁ। মই যে তেওঁৰ
ছাগলীৰ গাখীৰ চুৰ কৰিবলৈ আহিছিলোঁ, সেইটো তেওঁ নুবুজি নাভাবি,
তেওঁৰ জীয়েকৰ সৈতে গুপ্ত প্ৰণয়ৰ বেহা কৰিবলৈ আহিছিলোঁ, সেইটোহে
বুজিলে আৰু ভাবিলে। মই তেওঁৰ কথাৰ গঢ়ত এইটোও ভালকৈ বুজিলোঁ
যে তেওঁ মুখেৰে মোৰ ওপৰত খং দেখুৱালেও পেটে এই ভাবি সন্তোষ
লভিছে যে ভাল মানুহৰ ঘৰব লৰা এটা অতদিনৰ মূৰত তেওঁ বৰশীত
লগাবলৈ পালে, আৰু সম্ভৱতঃ মোক জোৱাই কৰিবলৈ পাব। এই কথা
মনত খেলালতে, লাজে অপমানে মোক খুন্দি আনিলে। কিন্তু মই কি উত্তৰ
দিম, দোধোৰ-মোধোৰ পৰি ভাবি থাকোঁতেই দেখিলোঁ, বাপেকৰ পিঠিৰ
ফালে তেওঁৰ জীয়েক মাধৈমালতী আহি থিয় দিছে আৰু মোৰ মুখৰ
ফালে তাই অতি সকৰুণ ভাবে চাই বাপেকে দেখিবলৈ নোপোৱাকৈ এনেকৈ
ঠাৰ দিছে যে মই যেন বাপেকৰ কথাৰ কোনো প্ৰতিবাদ নকৰোঁ। মই
ততালিকে ছোৱালীজনীৰ মনোভাৱ বুজি হাতত পোৱা, তাইৰ ইচ্ছাৰ