( ৭০ )
এনেস্থলত তেওঁ যে ৰূপবান সাঁচি চহকী মানুহৰ শাৰীলৈ নাযাব তাৰ আটক
কি? তেওঁৰ ধানৰ ভঁৰাল গুটিধান গছী ধানেৰে ভৰা, গোহালি খীৰতী
গাইৰে আৰু ৰান্ধনিঘৰ মূধৰ পৰা জোৰাদি বঢ়াই উলিৱা ছালি খীৰতী
ছাগলীৰে ভৰা আছিল। কিন্তু হলে কি হব, তেওঁ ইমান কটূকিনা কিৰ্পিণ
আছিল যে কাকো এডাল কূটা, এটোপা গাখীৰ,এচিকতা বস্তু
দিব নোৱাৰিছিল। বাৰীৰ কল পাকি যায়, বাদুলীয়ে খায়, কাউৰীয়ে
খায়, আৰু বাকী থকাবোৰ তেওঁ বজাৰত বেচিবলৈ পঠিয়াই দিয়ে; আম কঠাল
আদিৰ বেলিকাও তেওঁ সেই নজিৰ মতেই চলে। কিন্তু তেওঁ নিজ হাতে তুলি
তাৰ এটা এডোখৰ কাকো দিব নোৱাৰিছিল। পৰক দি থৈ খাবলৈ তেওঁৰ
সোৱঁৰণিত বিধাতাই একেবাৰেই লেখিবলৈ পাহৰিছিল। এদিন এটা কেহেটা
ঘটনাৰ কথা তোমাক কওঁ শুনা।
“মোৰ তিনি বছৰীয়া সৰু ভাইটো অনেক দিন জ্বৰত ভুগি শুকাই খেৰশনীডাল যেন হৈছিল! মুঠিয়ে মুঠিয়ে ধন ভাঙ্গি লাড়ুৱে লাড়ুৱে দৰব খুৱাই দেউতা হাইৰাণ হৈছে, তথাপি তাৰ নৰীয়া ভাল নহয়। এদিন বেজবৰুৱাই এটা দৰব দি কলে, ‘এই বিধ দৰবেই মোৰ শেষ ব্যৱস্থা, এই দৰবত যদি ভাল নহয়, তেন্তে মই আৰু একো কৰিব নোৱাৰিম।’ ছাগলীৰ গাখীৰৰ অনুপানেৰে তেওঁ ৰোগীক সেই দৰব খুৱাবলৈ কলে। দুৰ্ভাগ্যৰ গুণে আমাৰ ঘৰত ছাগলী পোহা দস্তুৰ নাছিল, আৰু তৰণিৰ ঘৰৰ বাহিৰে ওচৰ-চুবুৰীয়া আন কাৰো ঘৰত ছাগলীৰ গাখীৰ নাছিল। তৰণিৰ গতি গোত্ৰ আমাৰ ভালকৈ জনা আছিল দেখি সেই ফাললৈ নূঠুকি আন ঠাইত ছাগলীৰ গাখীৰ বিচাৰিবলৈ ধৰিলোঁ। কিন্তু খনতে বিচাৰি চলথ কৰিলোঁ, তথাপি কৃতকাৰ্য হব নোৱাৰিলোঁ। আমি নিৰুপায় হৈ শেহত অগত্যা তৰণিৰ ওচৰত ছাগলীৰ গাখীৰৰ অৰ্থে আবেদন কৰিলোঁ। কিন্তু কিৰ্পিণ যক্ষই এটোপা গাখীৰকে দিবলৈ মান্তি নহল। দেউতা আৰু আই বিবুধি, কোনোমতে ছাগলীৰ গাখীৰৰ দিহা হৈ নুঠে। কিন্তু খটাসুৰ মোৰ মনত এটা বুধি ওলাল। আইক মই মনে মনে কলোঁ, ‘আই তুমি চিন্তা নকৰিবা, মই ছাগলীৰ গাখীৰ আনিম; কিন্তু দেউতাই যেন এই বিষয়ে একো গম নাপায়। আয়ে মোৰ কথা শুনি যদিও পেটে পেটে সন্তোষ পালে, তথাপি মোক সাৱধান নকৰি নাথাকিল, যে মই যেন আকৌ ছাগলীৰ গাখীৰৰ নিমিত্তে কাৰো সৈতে একো গোলমাল নলগাওঁ। মই আইক নিৰ্ভয় দি কলোঁ, কাৰো সৈতে একো নালাগে, তুমি চিন্তা নকৰিবা।’
“সন্ধ্যা লাগি ভাগি ৰাতি আঠমান বাজিছে। তৰণিৰ বৰজনী জীয়েক মাধৈমালতীয়ে আখলত সোমাই চৰুৰ তলত জাল লগাইছে। তৰণিয়ে