পৃষ্ঠা:সুৰভি.pdf/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধৈমালতি


 কাৰনো মনত খেলাব, যে আমাৰ পকাদড়ীয়া ঋষিৰ নিচিনা গহীন গম্ভীৰ মুনচুপ নীলাম্বৰ শৰ্মা ডাঙ্গৰীয়া চেঙেলীয়া বয়সত, পচোৱা বতাহৰ আগে আগে উৰি ফুৰা ওভতগোৰে নচা আছিল? তেওঁৰ আজিকালি প্ৰশান্ত নিবাত নিষ্কম্প তৰুৰ নিচিনা মূৰ্ত্তি দেখিলে কোন মাইকীৰ পোৱে ক'ব পাৰে, যে তেওঁ কেঁচা বয়সত দুষ্টালিৰ ঢৌৰ ওপৰত খৰ মাৰি ফুৰা অঘাইটং আছিল? তেওঁ নিজৰ কাহিনী নিজে অনুগ্ৰহকৈ বৰ্ণনা নকৰাহেঁতেন কাৰো "আপুটিয়েকৰ" সাধ্য নাই যে, তেওঁৰ আজিকালিৰ গাৰ চেচা ছালৰ তলত লুকাই থকা, সেই আগৰ কালৰ চেঙা তপত উদণ্ড ডেকা-ল'ৰাটোক ধৰা পেলায়।

 জাৰকালি এদিন জুহালৰ ওচৰত বহি তেওঁৰে সৈতে জুই পুৱাই থাকোঁতে, জুইৰ তাপ পাই তেওঁৰ মনৰ সাঁফটোৰ লা গলি গলত তেওঁৰ শিশুলীলাৰ দুটা এটা ঘটনা মোৰ ওচৰত উদং হৈ পৰিল। তলত লিখা লীলাটি সেইদিনাৰ সেই কাৰ্য্যৰ ফল আৰু তেওঁৰ নিজৰ ভাষাতে তাক দিলোঁ-

 “সি আজি বহুদিনৰ কথা। তেতিয়া এই পৃথিবী ষোল সোতৰ বছৰ বয়সীয়া ডেকেৰী, গছ-গছনি ডেকা, চৰাই চিৰিকতি কথকী, গৰু-ম'হ ঢপলাীয়াই ফুৰা, মতা ৰঙ্গিয়াল, তিৰোতা ৰাংঢালী, ল'ৰা জাঁপত বৰৰ এঠাৰ ঢোপ, ছোৱালী বিয়া-সবাহৰ নামত জাউৰিয়ে জাউৰিয়ে বাৰিষাৰ বৰষুণ; গৃহস্থৰ ঘৰ আমোদ উৎসৱেৰে চপচপীয়া, বন্ধু-বান্ধবৰ মন ফৰকাল ভাবেবে নিকপটীয়া।"

 মনচুপ ডাঙ্গৰীয়াৰ বৰ্ণনাৰ গঢ়টো দেখি মই আচৰিত হোৱা যেন পাই তেওঁ মাত লগালে।

 "তুমি আচৰিত হ'বৰ কাৰণ একো নাই, কিয়নো মোৰ মনত তেতিয়া যেনে লাগিছিল তেনেকৈ বৰ্ণাইছোঁ। মোৰ নতুন মনৰ উলাহত গোটেইখন পৃথিবীয়েই সেই কালত নতুন যেন লাগিছিল।"

 "আমাৰ ঘৰৰ ওচৰতে মাধৱ তৰণিৰ ঘৰ আছিল। তেওঁৰ গুৰিগছ