পৃষ্ঠা:সুৰভি.pdf/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৬)


কোনো এজন অসমীয়া মানুহৰ সৈতে দৈবাৎ শশীবাবুৰ দেখা হোৱাত শশীবাবুৱে মোৰ এই বিপদৰ কথা তেওঁক কৈ বেজাৰ কৰিছিল। সেই অসমীয়া মানুহজনে মোক সদায় বিয়াৰ মুখ নেদেখা বৰলা বুলি জানিছিল দেখি, শশীবাবুৰ সেই মূৰ নাইকীয়া অথচ মূৰ কামোৰণিৰ নিচিনা কথা শুনি আচৰিত হৈ সেই কথা অসম্ভৱ বুলি শশীবাবুক কোৱাত শশীবাবুৱে প্ৰতিবাদ কৰোঁতাক উপলুঙা কৰি ফুতে উৰাই দিলে। অসমীয়াজনে গধূলি মোৰ ঘৰলৈ আহি সেই কথা মোক কোৱাত মই গহীনকৈ উত্তৰ দিলোঁ ‘সেই বাবুজনৰ অলপ মূৰৰ গোলমাল আছে; তেওঁ যিহকে পায় তাকে কয়।’ উপস্থিত আপদৰ পৰা কাণে কাণ-মাৰিহে কোনোমতে সম্প্ৰতি উদ্ধাৰ হৈ ভৱিষ্যত আপদৰ হাত সাৰিবলৈ, শেহত মই স্থান ত্যাগ কৰি শশী-গ্ৰহৰ হাত সৰাই শ্ৰেয়ঃ ভাবিলোঁ। এদিন শশীবাবুক বিশ্বাসে কলো যে, মোৰ মন বৰ বেয়া হৈছে; দিনচেৰেক ফুৰি আহিবৰ নিমিত্তে মই ব্ৰহ্মদেশলৈ যাব খুজিছোঁ, তেওঁ কি বোলে? ফুৰিবলৈ গলে, মোৰ মনৰ শোক পাতলিব ভাবি তেওঁ কলে ‘বেশ কথা, যাও, দিন কয়েকেৰ জন্য একটু বেড়িয়ে এসো, তাতে শৰীৰ মন দুই ভাল থাকবে। কিন্তু ভাই যেখানেই যাও, গৰীব বন্ধুকে ভুলোনা; কেমন থাক চিঠি লিখো। তোমাকে প্ৰাণেৰ সিহত ভাল বেসেছি, সেটা মনে থাকে যেন।’ মইও শশীবাবুৰ সুৰেৰেই দুই চাৰি আষাৰ মনৰ আবেগ দেখুৱাই কথা কৈ মান দেশলৈ যাবলৈ বুলি জাহাজত উঠিলোঁ। কিন্তু কবলৈ লাজ লাগিছে, যে মই সেই দিনাৰ পৰা মোৰ বিষয়ে এটা আখৰ বা কোনো বাতৰি শশীবাবুলৈ দিয়া নাই। মই নানা দেশ-দেশান্তৰ ঘূৰি ফুৰিছোঁ, কিন্তু শশীবাবুৰ গোন্ধ থকা ঠাইৰ চাৰি ধাপৰ কাষলৈকে নাযাওঁ! শশীবাবু যেনে ভাল মানুহ, আৰু উদাৰ আৰু সৰল অন্তঃকৰণৰ লোক, তেওঁৰে সৈতে মোৰ এনে ব্যৱহাৰ কৰাটো বৰ অন্যায়, এইটো মই ভালকৈ বুজিছোঁ। কিন্তু মই কৰো কি? অদৃষ্টই মোক জৰীৰে মেৰিয়াই লাটুম ঘূৰোৱাদি ঘূৰাব লাগিছে। মই কেনেবাকৈ তেওঁৰ আগত ধৰা পৰিলে চিৰকাললৈ অমানুহ হম, আৰু লাজত মৰি যাব লাগিব। কিন্তু এই ঘটনাৰ পৰা মোৰ এটা পৰম উপকাৰ হল; মই আৰু লোকৰ সকলো কথাতে হয় দিবলৈ এৰিলোঁ; আৰু মিছাৰ প্ৰতিবাদ কৰিবলৈ সাহ গোটালোঁ। ইয়াৰ উপৰিও মই এটা ডাঙৰ কাম কৰিলোঁ; সেইটো শুনিবা নে?” মই শুনিম বুলি কলত তেওঁ কলে, “সেইটো এই—নিমুৱা চোৰৰ নিচিনা কানিক হতচিৰী যোৱা কানিক, চুকতে থাকি বুকতে কামোৰ মৰা কানিক, গোঁসাইৰ শপত খাই একেবেলিয়েই এৰিলোঁ।” মই উত্তৰ দিলোঁ “সজ কৰিলা।”