তেওঁৰ কথাটো শলাগি থোৱাই উজু; আৰু বিশেষতঃ তেওঁৰ সৈতে মোৰ
ক্ষন্তেকলৈ দেখা, ইয়াৰ পিচত কোন গছৰ পখী কলৈ উৰি যায় কোনে কাৰ
ভূ লয়? কিন্তু মোৰ গাললৈ টোৱাই অহা দৈবৰ সোঁ হাতটোত খামোচ মাৰি ধৰি
মই নিশ্চিন্ত হৈছিলোঁ, কিন্তু লেবেৰা হাতটোও যে সোঁ হাতৰ নিচিনাকৈ সমানে
চলে, সেইটো মই নাজানিছিলোঁ। গতিকে মোৰ গালৰ এই দুৰ্গতি। চতুৰ্থত,
তেওঁ মোৰ ককায়ে সৈতে কোনো কালে প্ৰেচিডেন্সি কলেজত পঢ়া নাই। অৱশ্যে
তেওঁৰ নিচিনা মানুহে যে মিছাকৈ সেই আষাৰ কথা কলে এনে নহয়; তেও
নিশ্চয় কোনো অসমীয়া লৰাৰ সৈতে সেই কলেজত পঢ়িছিল আৰু সেই
অসমীয়াজনৰ নামৰ পিচত বৰুৱা উপাধি নিশ্চয় লাগি আছিল। কিন্তু শশী-
বাবুৱে এতিয়া যে ভুল কৰিছে সেইটোও নিশ্চয়, কাৰণ প্ৰকৃতপক্ষে কোনোকালে
মোৰ কোনো ককাই নাছিল; আৰু মই মোৰ বোপাইৰ মাথোন একেটা পো।
আনন্দৰাম বৰুৱা বঙ্গদেশত নামজ্বলা পুৰুষ আছিল; গতিকে বঙ্গালীয়ে কোনো
অসমীয়া মানহৰ নামত বৰুৱা উপাধি দেখিলেই ভুলকৈ তেওঁৰে সৈতে একে-
ডাল দোলেৰে সেইজনক সাঙোৰে।
“ইত্যাদি কাৰণত মই শশীবাবুক বাঘ দেখাদি দেখিছিলোঁ। তেওঁৰ ব্যৱহাৰ মোব প্ৰতি সৰল আছিল, আৰু কোনো বেয়া মতলবত তেওঁ যে ওপৰ-পৰা হৈ মোৰে সৈতে বন্ধুতা পাতিছিল এনে নহয়। তেওঁ ওখ শাৰীৰ ভাল মানুহ এইটো মই ন দি কব পাৰোঁ। কিন্তু হলে কি হব, তেওঁৰ ভুল কথাৰ গুৰিতে মই প্ৰতিবাদ নকৰি বা নহয় বুলি চকৰীৰ দৰে লেতাটো বান্ধি সোমালোঁ; আৰু এতিয়া কথা আহি ইমান গুৰুতৰত পৰিল যে, কেনেবাকৈ মই ধৰা পৰিম, এই ভয় আৰু লাজে মোক খুলি খুলি খাই মাৰিবলৈ ধৰিলে। মই নিৰুপায় হৈ ভাবি ভাবি শেহত এটা উপায় ঠিক কৰিলোঁ।
“এদিন পুৱাই মোৰ লগুৱাটোৰ মূখে শশীবাবুলৈ বাতৰি কৈ পঠি- য়ালোঁ, যে বিজুলী ডাকত ঘৰৰ পৰা বাতৰি আহিছে যে মোৰ পৰিবাৰ জহ- নীত পৰি মৰিল। ইয়াৰ দহ মিনিটমানৰ পিচতে শশিবাবুৱে চুকলো টুকি হায়! হায়! কৈ মোৰ ওচৰ ওলালহি। মইও বৰ বেজাৰ দেখুৱাই চকুৰ লো টেকাৰ ছলেৰে মোৰ চকু দুটা মোহাৰি ৰঙা কৰিলোঁ আৰু মাজে মাজে উস! উস! কৰি তেওঁৰ শোকৰ সমিধান দিবলৈ ধৰিলোঁ। বেচেৰা শশীবাবু! তেওঁ অনেক বেজাৰ কৰিলে, অনেক কান্দিলে, আৰু মোক অনেক শান্তনা দিবৰ চেষ্টা কৰিলে। তেওঁৰ ঘৈণীয়েকেও বৰ বেজাৰ কৰি মোলৈ জনাই পঠিয়ালে! শশীবাবুৱে তেওঁৰ আন বন্ধু, বান্ধৱৰ আগতো মোৰ এই দাৰুণ শোকৰ বাতৰি কৈ কেইবা দিনলৈকে বেজাৰ প্ৰকাশ কৰিছিল। এদিন মোৰ চিনাকি