পৃষ্ঠা:সুৰভি.pdf/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬৪ )


 ইয়াৰ পিচত শশীবাবু প্ৰায়েই মোৰ বহালৈ আহি ‘ভুৰ্কী বৌঠাকুৰুণব’ ‘ভূকী বৌদিদিৰ’ বাতৰি শোধে, আৰু আমাৰ ঘৰৰ নানা খবৰ শুধি মোক ব্যতি ব্যস্ত কৰে। মই তেওঁৰ এইবিধ দৌৰাত্ম্যৰ হাত কোনো মতে এৰাব নোৱাৰি ‘ত্ৰাহি মধুসূদন' কৰিবলৈ ধৰিলোঁ।
 ইমানতে ভাঙ্গি কোৱাৰ সকাম পৰিছে, কিয় মই শশীবাবুৰ আদৰ চেনেহ আৰু বন্ধুত্বক দৌৰাত্ম্য বুলি ভাবিছিলোঁ। সঁচা কথা কবলৈ গলে, শশীবাবু যে এজন বৰ সাদৰী, সবল আৰু পৰোপকাৰী মানুহ তাৰ ভুল নাই; আৰু সেইটো মই যে নুবুজিছিলোঁ এনেও নহয়। তেওঁৰ সৰল মনক নিৰ্ম্মল বন্ধুতাৰ প্ৰৱল ভাবে ব্যগ্ৰ কৰি তুলিছিল; কাৰণ তেওঁৰ পৰ্কিতিয়েই তেনে। তেওঁৰ আদৰ- সাদৰক নেওচি তেওঁক আপদ যেন দেখাটো যে মোৰ পক্ষে সজ কাম হৈছিল এনে নহয়। কিন্তু মই কৰোঁ কি? যাওঁ কলৈ? অদৃষ্টৰ পাকচক্ৰত পৰি ঘূৰি মই পেপুৱা লাগিলোঁ। প্ৰথম কথা মই বৰলা মানুহ; বিয়াৰে সৈতে মোৰ সতিনীৰ আঁহ বুলিলেই হয়। মই বিয়া কৰোৱা বুলি শশীবাবুৱে জবৰ্দ্দস্তি কৰি ধৰিলে। সেই বিষয়ে মোক ইমান বিলাক কথা কৈ কাবু কৰি পেলালে যে মই লৰচৰ কৰিব নোৱাৰা হলোঁ। লোকৰ কথাত নহয় বোলা স্বভাৱে মোক কিছুদিনৰ আগৰে পৰাই এৰি থৈছিল বুলি কৈ আহিছোঁ। লোকৰ কথাত “কণ্ট্ৰাদিকট্” কৰা সহজটো মোৰ গাৰ পৰা আঁতৰ হোৱা বিষয়ত যে কানিৰ কোনো হাত নাই খামাখা এনে বুলিবও নোৱাৰোঁ। দ্বিতীয়তঃ, মই ভাবিলোঁ যে শশীবাবুৰ কথাত হুঁ-হাঁ কৈ শলাগি গলেই তাৰ ওৰ সোনকালে পৰিব আৰু মই ক্ষন্তেকতে পাখি কটালি জৰ্জ্জৰীয়া দি উৰিম বা উঠিম; কিন্তু নহয় বুলিলে, তেওঁ কুৰুকি কুৰুকি আৰু অনেক কথা শুধি মোক আমনি কৰি মাৰিব। কোনে জানিব যে মোৰ হিচাপৰ ফল ওলোটা হৈ ওলাব। তৃতীয়তঃ, আৰু এটা ভয়ে মোক কোবাই ঢৰিয়াই শশীবাবুৰ কথা মনাই লৈছিল। বঙ্গদেশত বঙ্গালীৰ মাজত আবিয়ৈ বয়সীয়াল মানহে নাই বলিলেই হয়; আৰু হাজাৰৰ ভিতৰত এটা দুটা থাকিলেও সি ‘হংস মধ্যে বকো যথা’ হয়। বঙ্গালীয়ে মনত একৰকম ধাৰণাই কৰিব নোৱাৰে যে সৰহ বয়সলৈকে বিয়া নকৰোৱাকৈ কোনো মানুহ ভালে থাকিব পাৰে। তেনে মানুহক তেওলোকে চোভাৰ চকুৰে চায়; আৰু সেইজন সম্পৰ্কে নানা দুৰ্ভাবনাই তেওঁলোকৰ মনত উখল-মাখল লগায়। সৰহ নকওঁ, তেনেকুৱা মানুহক নিভাঁজ বুলি তেওলোকে পতিয়াব নোৱাৰে। এইবোৰ কাৰণত মই শশীবাবুৰ কথা শলাগি হোঁ হোঁ কৈ গৈ, ৮০ নম্বৰৰ সূতা উঘাত পাক খোৱাদি পাক খাই পৰিলোঁ। মই শিৰফুটা বামুণৰ ঘৰৰ লৰা, অথচ শশীবাবুৱে মোক কায়স্থ বুলি ধৰি ললে। মোৰ উপাধিও বৰুৱা যেতিয়া, তেওঁৰ হিচাপ মতে ময়ো কায়স্থ। মই ভাবিলোঁ, তেওঁক এবলকা উত্তৰ দি তেওঁক তেওঁৰ ভুল বজাবলৈ যোৱাতকৈ