( ৬১ )
“শশীবাবুৱে এনে সব্ সব্ কৰে এই কথা কেইষাৰ কৈ গল, যে মই
যদিও দেখিছিলোঁ যে তেওঁৰ দুটা এটা কথাৰ বাহিৰে সৰহখিনি কথা মোৰ
গাত নাখাটে, তথাপি তেওঁৰ কথাৰ প্ৰতিবাদ কৰিবৰ মোৰ ইচ্ছা বা সাহ নহল :
কাৰণ কানি মহাপ্ৰভুৰ কৃপাত সেই স্বভাৱে সৈতে ভালেমান দিন মোৰ এৰাএৰি
ঘটিল। তাৰ উপৰি তেওঁ কথাবিলাক ইমান ডাঠকৈ কৈ গৈছিল যে মই নহয়
বুলিলে বেচেৰা লাজত পৰি ক্ষুণ্ণ হব বুলি মোৰ শঙ্কা হল। সি যি হওক
আৰু সৰহকৈ গোলমালত নপৰিবলৈ, মই তেওঁৰ হাতৰ পৰা সাৰোঁ কেতিয়া
সাৰোঁ দেখিলো। এনেতে কন্যাঘৰীয়া মানুহে আমাৰ ফালে চাই মাত লগালে,
‘জলপান খাবলৈ গা তোলক?’ ভাবিলোঁ, ৰক্ষা পৰিলোঁ, এই দুজনৰ হাতৰ পৰা
এতিয়া সাৰিব পাৰিম; কিন্তু ‘অদৃষ্টৰ ফল, কে খণ্ডাবে বল?’ ময়ো উঠিলোঁ,
আৰু শশীবাবুৱেও মাত লগালে,— ‘বড়ুয়া মশায়, চলুন, কায়স্থদেৰ ঘৰ এইদিকে,
কাছাকাছি একসঙ্গে বসা যাবে এখন।’ এশটা মুকলি চকুৰ আগতে মোক
বলেৰে কায়স্থ পাতি শশীবাবুৱে তেওঁৰ কাষৰত বহুৱালে, মোৰ কিন্তু প্ৰতিবাদ
স্বৰূপে একেষাৰ কথা কবৰ সাহ নহল। শশীবাবু, নিয়তিয়ে মোক
যেনিয়েই টানি নিছে মই তেনিয়েই যাব লাগিছোঁ, তাত প্ৰতিবন্ধকতাচৰণ
কৰিবৰ সাধ্য মোৰ হোৱা নাই। বিজয়বাবুৱে মোক কিন্তু সদায় বামুণ বুলি
জানিছিল; আজি শশীবাবুৰ বক্তৃতা শুনি তেওঁৰ মনত সন্দেহেই হল নেকি
কব নোৱাৰোঁ, মই কায়স্থৰ শাৰীত বহা দেখি তেওঁ অলপ আচৰিত হৈ মোৰ
ফালে চালে, কিন্তু একো নামাতিলে। আমাৰ খোৱা হৈ যোৱাৰ পিচত মই
ঘৰলৈ আহিবলৈ কাৰবাৰ কৰিছোঁ, এনেতে শশীবাবুৱে মোৰ কাষ চাপি আহি
মোৰ কাণে কাণে ফুচ্ফুচাই শুধিলে, ‘বড়ুয়া মশায়,আপনাৰ এখানে
থাকা হয় কোথায়?’ মই উত্তৰ দিলোঁ, ‘৫৩ নং বাঞ্ছাৰাম অক্ৰুৰৰ গলি।’ তেওঁ
কলে ‘এতো আমাৰ বাড়ীৰ কাছেই, ভাল হলো, ৰোজ দেখা শুনা হবে এখন।’
মই অগত্যা ভদ্ৰতা ৰক্ষা কৰিবৰ নিমিত্তে কলোঁ, ‘নিশ্চয়, নিশ্চয়, বৰ সুখৰ কথা।
আপোনাৰ ভৰিৰ ধূলি মোৰ ঘৰত পৰিলে মোৰ ঘৰ পবিত্ৰ হব।’ তেওঁ উত্তৰ
দিলে, ‘বিলক্ষণ।’
“ইয়াৰ পিচত এদিন ৰাতিপুৱা আঠমান বজাত সোঁশৰীৰে শশীবাবু আহি মোৰ বহাত উপস্থিত। তেওঁক দেখি যে মোৰ মনত আহুকালৰ ভাৱটো উপজিছিল, মই কি কম; কিন্তু সেইটো কোনো মতে মই ঢাকি, আস্তব্যস্তকৈ তেওঁক বহৱালোঁ, তামোল ধপাত খাবলৈ দিলোঁ, আৰু ৰুটি চাহ খুৱাই আলহী শুধিলোঁ। সঁচা কথা কবলৈ গলে, বাস্তৱিক পক্ষত, তেওঁ উপযাচি ইমানকৈ মোৰে সৈতে ভাব কৰাটো মোৰ সমূলী ভাল নালাগিছিল। কিন্তু কি কৰিম, অদৃষ্টই মোক নাকী ধৰি যেনিয়েই মন যায় তেনিয়েই টানি নিব লাগিছে আৰু