পৃষ্ঠা:সুৰভি.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভুৰুকী বৌ

 এদিন এজনে তলত লেখা ঘটনাটো মোৰ আগত কৈছিল। তেওঁৰ মুখৰ পৰা মই যেনে শুনিলোঁ হুবহু তেনেকৈ তলত লিখিলোঁ।

 “অসমীয়া মানুহ কানীয়া, এই বদনামটো অসমীয়াৰ গাত যাৰে মন যায় সিয়ে দিয়ে। কিন্তু বদনাম দিওঁতা সকলে জনা উচিত যে বঙ্গদেশৰ বঙ্গালীও সেইপাকে নিচেই উজুতিত পৰি মৰা নহয়। প্ৰভেদৰ ভিতৰত আমাৰ অসমীয়া কানীয়াই তাৰ চেঙেলীয়া বয়সতে কানিত মুখ দিয়ে, বঙ্গালী ‘আফিং খোৰে' হলে সাৰ ফুটা বয়সীয়া অৱস্থাতহে সেই আপুৰুগীয়া বস্তু ফেৰাৰে সৈতে চিনাকি হয়। আৰু আসামত আজি কালি ঘাইকৈ তল খাপৰ আৰু গাৱলীয়া মানুহহে কানি প্ৰভু জগন্নাথৰ ওচৰত আঠু লয়, কিন্তু বঙ্গদেশত হলে ঘাইকৈ ডাঙৰ আৰু মজলীয়া খাপৰ ভদ্ৰলোকসকলে, তাকৰীয়াকৈহে তল খাপৰ মানুহে সেই গুৰ ঘৰত শৰণ লয়। আচল কথা কানি-অধিকাৰ-প্ৰভুৰ পদশিলা দুই দেশতে আছে; এখনত চৰণৰ চিনটো দকৈ আনখনত চূৰ্চুৰীয়াকৈ বহিছে মাথোন। চল্লিশ পাৰ হলেই ভালেমান বঙ্গালী বাবুৰ কানিৰ ভোক লগা দেখা যায়। বঙ্গদেশত বহুকাল বাস কৰি আদখিনি বঙ্গালীৰ পৰ্কিতি পোৱা ময়ো চল্লিশ বছৰৰ মহলাত সম্ভ্ৰমৰ সৈতে উঠি এজন বঙ্গালী শকুনি মোমাইৰ বুধি শুনি কানিৰ পাশতি হাতত ললোঁ। কিন্তু সুখৰ বিষয়, মোৰ নিজৰ বুধিটো যুধিষ্ঠিৰ ভাগিনতকৈ অলপ বেছি আছিল গুণে খেলত এপদ দপদকৈ মোৰ নিজা লামলকটু বই-বস্তু দুই চাইটা হাৰোতেই মই সাৱধান হৈ পাশতি কেইডাল শকুনি মোমাইৰ মুখলৈ মাৰি দি উঠি পৰিলোঁ। খেলত বহি থকা কালডোখৰত মোৰ কোন কেইটা অপকাৰ উপকাৰ হৈছিল তাক তোমাৰ আগত কঁও শনা। আগেয়ে মই বেছি বাচাল আছিলোঁ, এতিয়া মই নিমাতী হলোঁ। আগেয়ে মোৰ দৃষ্টি বহিৰ্মুখ আছিল, এতিয়া সি অন্তৰ্মূখ হল। আগেয়ে মই চেলচেলীয়া পাতল আছিলোঁ, এতিয়া মই গধুৰ গহীন আৰু ধীৰ হলোঁ। আগেয়ে মোৰ কথাৰ চোটত মানুহে তথামধা দেখিছিল, এতিয়া লোকে মোৰ মুখৰ ওপৰতে মাতি গলেও, 'এঃ কোনেনো আকৌ ইয়াৰ কথাত মুখ বজায়' বুলি এলাহত একো নামাতি বহি শুনি............।