পৃষ্ঠা:সুৰভি.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৮)

তেওঁক শান্ত্বনা দি, খাবলৈ মুখত ভাত এমুঠি, পিন্ধিবলৈ কাপোৰ এখন দি মই মোৰ জীৱন সাৰ্থক কৰোঁ!   *  *   *

 বিলাতৰ পৰা এই শ্ৰেণীৰ পাপীষ্ঠ পশু প্ৰকৃতিৰ কোনো কোনো লোক আহি নিজৰ পাশৱ-বৃত্তি চৰিতাৰ্থ কৰিবৰ নিমিত্তে দুখীয়া হোজা দেশী মানুহক লোভ দেখুৱাই চিৰকাললৈ ধ্বংস কৰি, স্বাৰ্থপৰতাৰ বশৱৰ্ত্তী হৈ ভীৰু কাপুৰুষ ভাৱে, ভাৰতত ঘটা ধন এপেৰাকৈ পেৰাত ভৰাই লৈ উভতি গৈ নিজৰ দেশত ভাল মানুহ বোলাই ভাল মানুহৰ শাৰীত সোমাই নিজৰ ঘিণ লগা পপীয়া জীৱন কটায়। ঈশ্বৰৰ ভয়ঙ্কৰ বজ্ৰ ইহঁতৰ মূৰত নপৰে কিয়? চয়তানৰ ভীষণ নৰকত ইহঁতৰ ঠাই নহয় কিয়? হে মাইকেল! হে গেব্ৰিয়েল! তোমালোকৰ হাতত মোৰ দুখনী হতভাগিনী আইক গতালোঁ; তোমালোকে তেওঁক ৰক্ষা কৰাঁ। উস!  *  *   *   *

হে মোৰ ঈশ্বৰ! মোৰ জন্মদাতা পাপীক যদি কোনোবাই মোক দেখুৱাই দিব পাৰে, সি থকা ঠাইৰ সঠিক বাতৰি যদি মোক কোনোৱে আনি দিব পাৰে, তেন্তে মই তোমাৰ ওচৰত বাইবোল হাতত লৈ শপত খাই কৈছোঁ, মই নিজ হাতে, মোৰ এই দুৰ্ব্বল হাতেৰে তাৰ পপীয়া জীৱনৰ ওৰ পেলাই, মোৰ দুখীয়া আইৰ, অনাথা আইৰ, আৰু আমি তিনিটা অনাথ প্ৰাণীৰ প্ৰতিশোধ লৈ তাৰ তপত তেজেৰে ইংলণ্ডৰ মাটি ৰঙা কৰিম! আপুনি সিদিনা বাতৰি কাকতত বিলাতৰ হুইট্‌লি আৰু ৰেইলৰৰ ঘটনাটো নিশ্চয় পঢ়িছে। মই সেই ৰেইলৰতকৈয়ো আৰু কঠোৰ ভাবে মোৰ হুইট্‌লিক শাস্তি দিবলৈ সাজু আছো।”

 এই বুলি বেচেৰা ফিপ্সনে চকুৰ পানী টুকিবলৈ ধৰিলে! ইয়াৰ পিচত বাকী ডোখৰ বাটত “অ মোৰ দুখনী আই! তুমি কত আছাঁ?” এই কথাৰ বাহিৰে তেওঁৰ মুখত আৰু আন কোনো কথা নুশুনিলো। অলপ পিছতে গাড়ী আহি বৰ্দ্ধমান ষ্টেচন পালত, মিষ্টাৰ ফিপ্সনে দেখোন হঠাৎ উঠি মোৰ হাত জোকাৰি গুড্বাই বুলি নামি গুচি গল। মই শুধিলোঁ, আপুনি হাওৰালৈ নায়ায় নে?” তেওঁ উত্তৰ দিলে, “নাযাওঁ।”

⸺⸺