পৃষ্ঠা:সুৰভি.pdf/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫২)


 ইয়াৰ পিচত মই গছৰ পৰা নামি মাটিত ঠিয় হলোঁ; কিন্তু মোৰ মূৰটো অলপ আচন্দ্ৰাই কৰা যেন, মনটো এফেৰা মান অথিৰ-অবিব হোৱা যেন আৰু হাত-ভৰিবোৰ যৎকিঞ্চিৎ থৰক্-বৰক কৰা যেন পালোঁ। অৱশ্যে তোমাক কোৱা আৱশ্যক যে এইবাৰ ভয়ত নহয়; এটা অপৰূপ ভাবে মোৰ মনত ঠাই লৈহে মোক এনে কৰিছিল। গতি বিষম বুজি মই তাত আৰু নাথাকি লাহে লাহে ঘৰলৈ গুচি আহিলোঁ। ঘৰ পায়েই মই তিনি চলু পানী মোৰ মূৰত থপিয়াই দি অলপ থিৰ হলোঁ। কি হলে কি হব? মোৰ গাত জ্বৰ উঠিল। অৱশ্যে সেই জ্বৰ আমাৰ চিনাকি সস্তা জ্বৰ নহয়, সি আপুৰুগীয়া আটকীয়া জ্বৰ। খোলাখুলিকৈ কৈ দিয়াই ভাল যে, মোৰ গাত প্ৰেম-জ্বৰৰ লক্ষণবোৰে সম্পূৰ্ণৰূপে দেখা দিলে। সেইবিলাক বৰ্ণনা কৰি মিছাতে, বান্ধ, মই তোমাৰ সময় নষ্ট নকৰোঁ। কথাতে কয় “কাৰ জ্বৰত কোনে পিয়ে পানী, কাৰ ভগিনী মৈলে কাৰ হয় হানি।” মোৰ জ্বৰৰ ফলাফল মইহে অকলৈ ভোগ কৰিব পাওঁ, লোকক তাৰ ভাগী কৰিবলৈ যাব নাপাওঁ। মুঠতে তোমাক ইয়াকে কওঁ, যে দিনদেকৰ নিমিত্তে আহাৰ নিদ্ৰাৰ সৈতে মোৰ সম্বন্ধ গুচিল। গাৰ পৰা সেই প্ৰেম-জ্বৰ নে ডোম জ্বৰটো মই কোনোমতে খেদাব নোৱাৰা হলোঁ, থাকি থাকি সি উক দি উঠে। অনেক ভাবি চিন্তি চোকা দৰবৰ দিহা কৰাটোকেই উচিত যেন বিবেচনা কৰিলোঁ; নতুবা ভয় হল, পাছে সি জ্বৰ গৈ কেনেবাকৈ জীৰ্ণ জ্বৰত পৰিণত হয় গৈ। মোৰ মনত পৰিল, লঙ্কাখন পুৰি অঁতাইয়ো হনুমন্তৰ নেজৰ জুই নুনুমোৱা হলত হনুমন্তই ভয় খাই বিবুধি হৈ কি কৰিম বুলি সীতা আইক বুধি সোধাত, সীতাই কলে, “কিয় হনুমন্ত বিবুধি হোৱা? নেজৰ অগনি মুখে নুমুৱা।” মইও এতিয়া এই অদ্ভুত জ্বৰৰ অদ্ভুত অগণিৰ পোৰণিত বিবুধি হৈ পৰি মনক বুধি সুধিলোঁ। মনেও সীতাৰ দৰে কলে ‘নেজৰ অগণি মুখে নুমুৱা,’ অৰ্থাৎ তুমি সেই ছোৱালীজনীকে বিয়া কৰোৱা। ‘বাঃ ৰে মন! বেছ বুদ্ধিতো! মোৰ মনত ইমান পৰ খেলোৱা নাছিল কিয়।’ এই বুলি মই মোৰ মনক তাৰিফ কৰি বুধি শুনি সেই দিনাৰ সেই ধান দাউনী মহিষ- মৰ্দ্দিনী ছোৱালীজনীৰ ভূ-ভা লবলৈ এজনক ৰিপুৱা ধৰিলোঁ। বাতৰি পালোঁ, ছোৱালীজনী আবিয়ৈ, কিন্তু জাতত আহোমনী! কি সৰ্বনাশ। মই শূদিৰৰ ঘৰৰ লৰা। আমাৰ দুয়োৰো মাজত জাতৰ খাৱৈটো ইমান বহল, যে সহজে জঁপিয়াই তাক পাৰ হব নোৱাৰি। কিন্তু ভাবিলোঁ, হনুমন্তই ভাৰতবৰ্ষ আৰু লঙ্কাৰ মাজত বহল প্ৰণালীটো জঁপিয়াই পাৰ হবলৈ সাহ নকৰাহেঁতেন পাৰ হব নোৱাৰিলেহেঁতেন আৰু সীতাৰ উদ্ধাৰো নহলহেঁতেন। এতিয়াও যদি মই এই জাতৰ বহল খাৱৈটো সাহ কৰি যথাশক্তি জপিয়াই পাৰ হব নোৱাৰো, তেন্তে মোৰ সেই মনোমোহিনী ধান-দাউনীৰো উদ্ধাৰ অসম্ভৱ।