পৃষ্ঠা:সুৰভি.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫১)


ডেকেৰেী ছোৱালী। তাইৰ হাত দুটা লোহোৰা-লোহোৰ। তাই মেখেলাখন উজাই পিন্ধা বাবে আঠুলৈকে ভৰিৰ যিডোখৰ ওলাই পৰিছিল, সেই ডোখৰ দেখিলেই বুজিব পাৰি যে তাই এজনী ডাকলী তিৰোতা। তাইৰ আঙ্গুলিবোৰ যেন একো সেৰা পাঁজিহে; তপিনা দুটা মঙহৰ ভৰত থৰ থৰ কৰে কঁপিছে আৰু বৰলৰ নিচিনা সৰু কঁকালটিৰো বুকুৰ ভৰত সেই অৱস্থা হৈছে। মইনো তোমাক কি কম বান্ধ, বেচেৰীৰ গাল দুখনি যেন দুটি পকা আমোলন টেঙা হে, আৰু কপালখনি যে জাতি-চন্দন পিহা নিমজ পটাখনিহে। খোপাটো মূৰটোৰে সৈতে জোখত কিজানি সমানেই হব, আৰু চকু দুটা মাৰাত্মক বিধৰ। ৰ'দত বপুৰীৰ মুখ পকি পৰি, কি কম, সেন্দৰীয়া আমটি যেন হৈছিল দেখিলেই আঃ”—

 কথাষাৰ তেওঁ শেহ নৌকৰোঁতেই মই মাত লগাই এই বুলি শেহ কৰিলোঁ, ‘দেখিলেই ঢোৰা কাউৰীটো হৈ উৰি গৈ খুটিয়াই দিবৰ মন যায়। তেওঁৰ কথাষাৰৰ মই কৰা পাদপূৰণটো তেওঁ “নাপছন্দ” কৰি কবলৈ ধৰিলে—

 “ধেমালি নকৰিবা বান্ধ, এইবিলাক ধেমালিৰ কথা নহয়। যাওক সেই কথা। মোৰ ফালে তাই কেৰাহিকৈ মাথোন এবাৰ চাইছিল। সেই বাবে আমাৰ দুয়োৰো চাৰি চকুৰ মিলন ঘটিল। বান্ধ, তোমাৰ আগত মই মিছা নকওঁ, পকা জলা মৰিচটোত হঠাৎ কামোৰ মাৰি দিলে যেনেকৈ মুখখন কাণে সৈতে জন্জনাই যায়, সেইদৰে সেই দৃষ্টিত মোৰ গা গোটেইটো জনজনাই গল। আৰু গাৰ নোমবোৰ শিয়ঁৰি উঠিল। বতাহত পতাকা চট্‌চটাই উৰি কঁপা দৰে মোৰ মনটো কঁপিবলৈ ধৰিলে। তথাপি তেতিয়াও মোৰ মনৰ ঘাই শিপাডাল একেবাৰেই উভাল খোৱা নাছিল। কিন্তু এনেতে হঠাৎ এটা ঘটনা ঘটি তাক শেষ কৰিলে। সেই ঘটনাটো এই। মই দাউনীহঁতে ধান দোৱা চাই থাকোতেই হঠাৎ কৰবাৰ পৰা এটা গলধন ধৰা ম’হে আন এটা গলধনীয়া ম’হক খুচিবলৈ ঢাপলি মেলি টেঁটাই খেদি লৈ অহা দেখিলোঁ। চাওঁতে চাওঁতে ম’হ দুটা দাউনীহঁতৰ কাষ পালেহি। দাউনহঁত ভয়ত দিহাদিহি পলাল! মই লৰ মাৰি গৈ আলিৰ কাষৰ এজোপা গছত উঠিলোঁ গৈ। কিন্তু দেখি আচৰিত মানিলোঁ, যে ওপৰত উল্লেখ কৰা ডাউনীজনী লগৰীয়৷নীহঁতৰ সৈতে পলোৱা দূৰৈত থাওক, তাই হাতৰ কাঁচখিন দাঙিলৈ ঢাপলি মেলি খেদি অহা ম’হ দুটাৰ ফালে অকলৈ চোচাঁ ললে। ব্যাপাৰটো দেখি গছৰ ওপৰতে মোৰ হাত-ভৰিবোৰ ঠক্-ঠক্ কৰে কঁপিবলৈ ধৰিলে। কিন্তু সাহৰ কি ভয়ানক বল, যুঁজাৰো ম’হ দুটাই ভূতৰ ওপৰত দানহ ওলোৱা দেখি ভয় খাই এফলীয়া কাটি দয়ো দুফালে আঁতৰি গুচি গল, আৰ, সিহতৰ খং আৰু যুঁজৰ প্ৰবৃত্তিও পানী ঢলা জুই যেন হৈ তেতিয়াই নুমাই গল।