পৃষ্ঠা:সুৰভি.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৯)

যে, কলা কাপোৰ পিন্ধি মাক আৰু ভায়েক তেওঁৰ ওচৰলৈ অহা বাবে তেওঁলোকে এজাউৰি বক্তৃতা শুনিলে। গাঁৱৰ অঙহি বঙহি মিতিৰ কুটম যি তেওঁক চাবলৈ আহিছিল, কোনেও তেওঁৰ পৰা একোপালি নোপোৱাকৈ ঘৰলৈ উভতি যাব পৰা নাছিল। হাতেৰে ভাত খাবলৈ আপত্তি আৰু মেজৰ ওপৰত ভাত নিদিলে খাবলৈ আপত্তি কৰাৰ বাবে, পুণাৰামে বাঁহব কাঁটা চামুচ সাজি, আৰু খুৰা দিয়া পাীৰাৰ ওপৰত মাকে ভাতৰ কাঁহী তুলি দিহে তৰণি পাইছিল। মুঠতে যি তিন দিন মলক চাহাৰ ঘৰত আছিল, সেই তিন দিনৰ ভিতৰতে তেওঁৰ মাক-বাপেক ভায়েককে আদি কৰি গাঁৱৰ লগা-ভগা সকলোৱে দেও দেও দেখি তেওঁ কেতিয়া তাৰ পৰা ওলাই যায়, তাকেহে চিন্তিছিল।

 ইয়াৰ মাহচেৰেকৰ পিছত মলক চাহাব কিবা এটা দৰ্কাৰী কামত মফশ্বললৈ যাওঁতে, আলিৰ কাষৰ পথাৰত ম'হৰ পিঠিত উঠি ম'হ চৰাই থকা ভায়েক পুণাৰামে তেওঁক দেখিবলৈ পাই, উলাহত আগ পাছ সকলোকে হঠাৎ পাহৰি, সাধুকথাৰ শিয়ালৰ দৰে আনন্দত আপ্লুত হৈ, মাত লগালে "হেৰঔ ককাইটি! কলৈ যাৱ?" ম'হ-গুৱালে হাকিমক এইদৰে সম্ভাষণ কৰাটো কি 'বিষাদপৰ' কথা হাকিমেহে তাক ভালকৈ বুজিব পাবে; গতিকে আমাৰ হাকিমে তৎক্ষণাৎ ছাপৰাচীৰ হতুৱাই ভায়েকক ধৰাই আনি চৰ গোটাচেৰেক মৰাই গতিয়াই দিয়ালে। কিল খাই পুণায়ে নিজৰ গৰুৱালি বুজিব পাৰি একোকে নামাতিলে। আৰু পুণাৰামৰ আৰ্হি লৈ গছ-গছনি পহু-পতং চৰাই-চিৰিকতি বাটৰুৱা পৰুৱাও নিৰ্বাক। দেখি শুনি আমিও অবাক!


---X---