মাক সাজতোলানী আশাত নথৈ নিৰাশ হল। মলক চাহাবে আসামলৈ উভতি
যোৱাৰ দিনৰে পৰা, তেওঁলোকক আন কোনো প্ৰকাৰ সহায় কৰা দূৰৈত
থাওক, এদিনো দৰ্শন দিবলৈকে নগল। মাকে পাতেকক মতাই ঘূৰি নোযোৱা
দেখি শেহত সাজতোলা আৰু পুনাইক পঠিয়াই দি কৈ পঠিয়ালে যে “মোৰ গা
বৰ বেয়া; সৰহ দিন আৰু মই নিজীওঁ। এইবাৰ যদি সি নাহে, তেন্তে মই
এতিয়াই মৰিলোঁ বুলি সি এৰিব।" কিন্তু “বামুণেই মৰক বা লগুণেই
ছিগক” অৰ্থাৎ মাকেই মৰক বা এই পৃথিবীয়েই ওলটক, মিষ্টৰ গুইন্
গুইন্ “ন লবন্তি নচৰন্তি।” সাজতোলা নিৰুপায় হৈ শেহত চাহাবৰ এজন
কলিকতীয়া বন্ধুৰ কাষলৈ গৈ “লৰাটোক" বুজাই-বঢ়াই কোনোমতে তেওঁ
ঘৰলৈ পঠিয়াই দিবলৈ খাটিলে। বন্ধুৰ বুজনিত চাহাব অলপ
কুমলিল। চাহাবে বাপেকক কলে, “অল ৰাইট্” মই যাম; ‘বট্’ কিন্তু ৰাজ-
আলিৰ পৰা ঘৰলৈ যাবলৈ পথাৰৰ মাজেদি যিটো আলি আছে, সেইটো বৰ
নেৰ,’— অলপ বহল কৰিব লাগিব, নতুবা মই সেই ঠেক আলিত বুট জোতাৰে
যাব নোৱাৰিম; কিজানি পিচলি পৰিব পাৰিম, তেনেহলে হক্ লো মাট্টি।”
সাজতোলা।— “নপৰ বোপাই নপৰ; আজিকালি পানী বোকা একো নাই; শুকান। সেই আলিটো বহল কৰিবলৈ মই ইমান খৰচ কত পাম? তাৰ বাহিৰে, লোকৰ মাটিৰ ওপৰেদি আলি; লোকে তাক বহলাবলৈ দিব কেলেই?”
মলক।— “আচ্ছা আলি বহলাব নোৱাৰা যদি কি কৰিবা। কিন্তু পুখুৰীব গেলা পানী হলে মই খাব নাই পাৰিম; খালে মোক একদম্ মেলেৰিয়া আৰু কলেৰা দোনো পাকুৰিব।”
সাজতোলা।— “বাৰু বোপাই মই তাকে কৰিম; কিন্তু তই মোৰে শপত যাব লাগিব; নগলে মাৰ কান্দি-কাটি এধামৰা হব।”
মলক।— “অৱশ্যে অৱশ্যে যাম। যাম বুলি মই ‘প্ৰমিচ’ মানে প্ৰতিজ্ঞা কৰিলো যেতিয়া ‘ডিউটি বাউণ্ড’ যাম। আইক কবা বেছি ‘চেণ্টিমেণ্ট’ নকৰিবলৈ? কৰিলে কোনো ‘ফয়দা’ নাই। কিন্তু এটা কথা; তাত মই ভাত খাবলৈ দুবেলা গা ধুব নোৱাৰোঁ। তোমালোক ভেকুলি বেঙৰ নিচিনাকৈ পানীত পৰিয়েই থাকা। তেনে কৰিলে মোৰ পানী লাগিব, চৰ্দ্দি হব, জ্বৰ আহিব, বহুত ‘তকলিপ’ হব। আৰু জৰ হলে, বাই জোভ! হু উইল্ চেভ্ মি? ন ব্লডি ডক্তৰ, ন ব্লুমিং মেডিচিন দেয়াব!”
সাজতোলা।— “নেলাগে তুমি আমাৰ দৰে দুবেলা গা ধুব মোৰ বোপাই, পুৱাবেলা এবাৰ ধুলেই হব।!”