পৃষ্ঠা:সুৰভি.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪২ )


 তিৰোতাজনীয়ে উত্তৰ দিলে, ‘আকৌ মোক এই পুখুৰীৰ পানীত পেলাই দিয়াঁ, তেনেহলে মই আকৌ আগৰ ঠাইতে আগৰ দৰে নিশ্চিত হৈ শুই থাকিম; আৰু, নুমুৱা অগণি নজ্বলে। মই কলোঁ, “দিম পেলাই; কিন্তু এটা কথা;— তোমাক মই যেনে দেখিছোঁ এই অৱস্থাত তোমাক পুখুৰীত পেলাই দিলে মোক নৰহত্যা অপৰাধত পুলিচে ধৰি লৈ যাব আৰু মোৰ ফাঁচী হব।” মোৰ এই কথা শুনি মানুহজনীয়ে পিশাচৰ দৰে ইমান হাঁহিলে যে শেহত তাই মাটিত বাগৰি পৰিও তাইৰ হাঁহিৰ ওৰ নপৰা হল। তাইৰ সেই বিকট হাঁহিত মোব বুকু কঁপিবলৈ ধৰিলে। তাই হাঁহি হাঁহি বাগৰি গৈ গৈ শেহত পুখুৰীৰ পাৰৰ সিফালৰ খাৱৈত পৰিল। মই চকিদাৰ চকিদাৰ বুলি মাতিলত, বাগিচাৰ চৌকিদাৰ লৰি আহিল! মই তাক কঁলো, “সেইয়া দেখিছ নে?” সি সুধিলে “কি দেউতা?” মই উত্তৰ দিলোঁ “সেইজনী তিৰোতা মানুহ মতলীয়াই নে কি মই কব নোৱাৰোঁ, বাগৰি গৈ খাৱৈত পৰিছে।” চকিদাৰে তধা লাগি অলপমান ৰৈ কলে, “কতা দেউতা! মই দেখোন একো দেখিবলৈ পোৱা নাই; দেউতাই কিজানি কিবা সমাজিক দেখিছিল হবলা। উঠক দেউতা ইয়াৰ পৰা বলক, ভিতৰত শোৱক গৈ; এই বাগিচাত দেও আছে, বাহিৰত শোৱা ভাল নহয়।”

 মই ‘বাবু বল যাওঁ” বুলি কৈ তাক কলোঁ, “দেখ যোৱাৰ আগেয়ে তই চাচোঁন বাৰু খালটোত কি আছে।” সি মোৰ কথা মতে চাই কলে, “অ এইটো আজি ৰাতিপুৱা জালত উঠা সেই লাওখোলাটো। ইয়াক দূৰৈত পেলাই দিব লাগিছিল, ইয়াতে কোনে পেলাইছিল কব নোৱাৰোঁ” এই বুলি সি জেওৰা এচলা আনি তাৰ আগেৰে সেই লাওখোলাটো দূৰলৈ মাৰি পঠিয়াব খোজোঁতেই মই “ৰবি ৰবি” বুলি তাক হাক দি কলোঁ, “পুখুৰীৰ বস্তু আকৌ তাক পুখুৰীতে পেলাই দে, সি আগেয়ে যত আছিল ততে থাওক।” চকিদাৰে সেই কথাত অমত প্ৰকাশ কৰিব খোজোঁতেই মই আকৌ কলোঁ, “নহয় তই জনা নাই, বাগিচাৰ ওচৰত পৰি থকা তাক পুলিচে দেখিলে নানা সন্দেহ কৰি আমাক দিগদাৰি কৰিবৰ সম্ভৱ; সেইদেখিহে মই কৈছোঁ যে তাক পুখুৰীতে পেলাই দিয়াই হে ভাল।” পুলিচৰ নাম শুনি চকিদাৰে ভয় খাই আৰু একো নকৈ সেই লাওখোলাটো আকৌ পুখুৰীতে পেলাই দিলে। মই তাৰপৰা উঠি আহি ভিতৰত শুবৰ চেষ্টা কৰিলোঁ, কিন্তু আৰু টোপনি নাহিল। কেতিয়া ৰাতি পুৱাই কেতিয়া ৰাতি পুৱাই ভাবি বাট চাই থাকোঁতে ৰাতি পুৱাল। “মোৰ বৰ সকাম এটা আছে” বলি নিৰ্ম্মল বাবুক কৈ তেওঁলোকৰ আগেই মই সেই বাগিচাৰ পৰা গুচি আহিলোঁ।


⸻*⸻