এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

। উৎসৰ্গ।

সৰগৰ শোভা তই সুৰভি আইটি,
 নিঃকিনৰ ধন।
বিলালি সৌৰভ পিতৃ মাতৃৰ হিয়াত,
 আৰু বন্ধুজন।
দুদিনতে সমাপিলি মৰতৰ লীলা,
 সপোনৰ প্ৰায়।
ভাঙ্গি নিলি এডোখৰ হৃদয় আমাৰ,
 চিৰদিন হায়।
দেৱলোকে তৰাৰূপে পোহাৰিছ তই,
 প্ৰিয় দৰশন।
অকণি হাতত ল উপহাৰ মোৰ,
 সুৰভি ৰতন!
 “পাপা”।