আন কি, বগা আৰ্য্যবোৰৰ গাৰ বৰণ সলনি হৈ তেওঁলোক কলা হলগৈ; কিন্তু
সেইবোৰ যুগৰ সমাজৰ মানুহে চলিবলৈ কৰা আইনৰ সলনি নাই; সি মোট
নসলোৱাকৈ তেনেই জীয়াই আছে! আৰু বেলি পানী হৈ সৌ চাপৰিটো তল
গৈছিল, এইবেলি সি শুকাই টকলানি হৈ আছে; তুমি তাতে জোবোৰা এটা
মাৰি গাটো ধুই নাহাগৈ কিয়? তোমালোকৰ ন্যায় মতে স্মৃতি শাস্ত্ৰ মতে
বিচাৰ কৰি চালে তুমি দেখিবা যে তাত এতিয়াও পানী আছে, তুমি মনুৰ মতে
এতিয়াও তাত জোবোৰা মাৰি আহিব পাৰাগৈ। কিবা বোলেনে, ‘ওলোটা বুজিলি
ৰাম’—তোমালোক মতা মানুহ; পুৰুষে পুৰুষে ওলোটা বুজি হে তোমালোকে
সকলোকে হেৰুৱাই এই নীহ অৱস্থা পাইছাহি। তোমালোকৰ লক্ষণ ধ্বংসৰ
ফালে, তেহেলৈ তোমালোকে যিহকে কোৱা। তোমালোকৰ ভিতৰৰ কোনোবা
কাচিৎ এজন দুজনে তোমালোকৰ অন্যায় ব্যৱহাৰ দেখুৱাই তিৰোতাৰ প্ৰতি
ভদ্ৰ আৰু ন্যায় ব্যৱহাৰ কৰিবলৈ তোমালোকক যদি কয়, তেন্তে তোমালোকে
কঁকালত টঙালি বান্ধি উঠি বক্তাজনক কিলাবলৈ যোৱা আৰু নানা অত্যাচাৰ
উৎপাত তেওঁৰ ওপৰত কৰা! বিদ্যাসাগৰে আমাৰ হৈ আষাৰ চেৰেক কথা
কোৱাৰ বাবে তেওঁক তোমালোকে নকৰিবৰ চকৰি কৰিলা। গালি শপনি
নিন্দাৰে তেওঁক তোমালোকে পুতি শেহত এঘৰীয়া কৰি এৰিলা। ন্যায় আৰু
ধৰ্ম্মৰ ব্যৱহাৰ তোমালোকৰ পৰা তো আমি পাব নোৱাৰোঁৱেই, তোমালোকে
যি স্মৃতিশাস্ত্ৰ মানো বুলি কোৱা, সেই শাস্ত্ৰই বিহাৰ দৰেও কিন্তু তোমালোকে
আমাৰ প্ৰতি ব্যৱহাৰ কৰিবলৈ অমান্তি হোৱা। ধইন তোমালোক! বিদ্যাসাগৰে
শাস্ত্ৰ সাগৰ মথি তাৰ পৰা বিধৱাৰ বিয়াৰ ব্যৱস্থা উলিয়াই তোমালোকৰ আগত
ধৰিলে। তোমালোকে নানা তৰ্কজাল পাতি সেই ব্যৱস্থা টিলিকি মাৰি উৰাই
দিবলৈ চেষ্টা কৰি, নোৱাৰি শেহত তেওঁক গালি পাৰি ৰণ জিকিলা। তোমালোকৰ
গুণৰ কথা তিন দিন তিন ৰাতি কৈ থাকিলেও ওৰ নপৰে। আমি
এবাৰ স্বামী হেৰুৱাই তোমালোক পুৰুষৰ ব্যৱস্থা মতে দুনাই বিয়া কৰিব
নোৱাৰো; কিন্তু তোমালোকলৈ হলে সেই বাট একেবাৰেই মুকলি ৰাজআলি।
ঘৈণীয়েক মৰি থাকক যতবাৰ হয়, তোমালোকে যিমান যায় বিয়া কৰি থাকিবা;
তালৈ শাস্ত্ৰই হাতত ছাতি ধৰি তোমালোকক আদৰি লগে লগে লৈ যাব। ছিঃ
এনেখন শাস্ত্ৰ তোমালোকৰ? এনেকুৱা তোমালোক! এনেকুৱা এইখন সংসাৰ!
এইখন সংসাৰৰ গৰাকী কোন? আপোনপেটীয়া মতা কেইটাৰ বাহিৰে ইয়াৰ
আন কোনোবা গৰাকী আছে যেন মনে নধৰে।”
এইখিনিতে মই মাত লগালোঁ, “শুনিছানে বোলোঁ, জানি শুনি আজি আমি তোমাৰ শান্তিভঙ্গ কৰা নাই। নজনাত হে এই কাণ্ড ঘটিছে। এতিয়া কি কৰিলে আমাৰ গাৰ পৰা দায় যাব আৰু তোমাৰো আকৌ শান্তি স্থাপন হব কোৱা, মই নিশ্চয় তাকে কৰিম।”