পৃষ্ঠা:সুৰভি.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৯ )

আৰু সময়ৰ সৈতে তমোময়কৈ লগা দীঘল যুঁজ যুঁজি শেহত জিকিব পাৰে। এনেস্থলত মোৰ নিচিনা নিঃসহায় দূৰ্ব্বল ছোৱালীয়ে কিছু কাল সেই দুৰ্দ্দান্ত দুই শত্ৰুৰে সৈতে যুঁজি শেহত ঘাট মনা আচৰিত কথা নহয়। কিছুমান দিনৰ মূৰত জেঠালৰ ঘৰত বাস কৰা সেই অপূৰ্ব্ব অৱস্থাৰ উভহাবিলাক মৰি মোৰ পক্ষে সি মিহি হৈ পৰিল। তেওঁৰ অদ্ভুত অসহনীয় স্বভাৱ চৰিত্ৰৰ উৎপাতবোৰ মোৰ চকু কাণে সহিবলৈ শিকিলে; আৰু তাৰো কিছুমান দিনৰ মূৰত তাত দোষ বা পাপৰ হূল মোৰ চকুৱে একেবাৰেই নমনা হল।

 “এই খিনিতে কোৱা আৱশ্যক যে মই মোৰ জেঠোতৰ ঘৰলৈ যাবৰ দিনাৰে পৰা তেওঁৰ পপীয়া চকু মোৰ ওপৰত পৰিছিল; আৰু তেওঁৰ নানাবিধ গঢ়-গতিত সেই কথা ফুটি ওলাইছিল। মই মোৰ বিষম বিপদ বুজিও, ঈশ্বৰৰ চৰণত একান্ত নিৰ্ভৰ কৰি জাৰ মৰমৰ মায়া-জৰিডাল ছিঙিব নোৱাৰি তাতে আছিলোঁ। দিনকদিনে মোৰ বৰজনাই মোক জালত পেলাবলৈ নানা চক্ৰান্ত কৰিবলৈ ধৰিলে। শেহত অজগৰ সাপৰ আকৰ্ষণত নিৰুপম হৰিণী তাৰ মুখৰ ভিতৰত সোমোৱাদি গৈ মই পাপ-অজগৰৰ মুখত সোমালোঁ; মোৰ সৰ্ব্বনাশ ঘটিল। কলঙ্কৰ পাচি মই মূৰত তুলি ললোঁ।

 এই বাগিচাৰ সেইটো ঘৰতে মই মোৰ পপীয়া জীৱন পাষণ্ড জেঠোতৰ সৈতে আমোদ প্ৰমোদত কটাইছিলোঁ। মোৰ জাই তেওঁৰ স্বামীৰ সৈতে মোৰ জঘন্য ব্যৱহাৰ লক্ষ্য কৰি হতাশহৈ এদিন যি কেইষাৰ কথা কৈছিল, সেই কেইষাৰ কথা আজিলৈকে মোৰ মনত আছে। জেঠোতে তেওঁৰ ঘৰৰ পৰা মোক উলিয়াই লৈ এই বাগিচাৰ ঘৰলৈ আহিবলৈ ওলাইছে, এনেতে জাই চুলি মেলি বলিয়াৰ দৰে হৈ কৰবাৰ পৰা লৰি আহি দুহাতে বুকু চপৰিয়াই মোৰ ফালে চাই কলে : ‘নলিনী! শেহত তয়ো এনেটো কাম কৰিলি! চুকতে থাকি তুই ভাল মোৰ বুকুত কামোৰ মাৰিলি!’ পাপ্ ফটিকাৰ ৰাগিত মতলীয়া হৈ, তেতিয়া জাৰ সেই হিয়া ভাগি ওলোৱা কথাৰ উত্তৰত মই মাথোন হো-হো কৰে হাঁহিলো। পিশাচৰ হাঁহিৰ নিচিনা মোৰ সেই হাঁহি শুনি জাই আকৌ ইয়াকে মাথোন কলে;— ‘আইৰ ঘৰলৈ যাম, দুই হাতে খাম; বিধতাই বোলে মই পিচে পিচে যাম। তই যা, যা, যা, ময়ো কাল হৈ তোৰ পিচে পিচে যাব লাগিছোঁ!’ সঁচাকৈ কব লাগিলে, জাৰ সেই কথা কেইষাৰ মোৰ অন্তৰত শোল সোমোৱাদি সোমাইছিল; আৰু তেতিয়াই মনত বৰ ধিক্কাৰ লাগিছিল; কিন্তু সেই সন্তাপ সেই ধিক্কাৰ ততালিকে উৰি গল; কাৰণ তেতিয়া মই পাপ- পুখুৰীত ডিঙিলৈকে তল যোৱা; তাৰ পৰা মোৰ উঠিবৰ শকতি নাই।

 “দুখনী জাৰ মৰ্ম্মভেদী কথা অচিৰতে মোৰ গাত ফলিয়ালে। ছমাহ