পৃষ্ঠা:সুৰভি.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৮)


ঢুকাল। মই নিঠৰুৱাঁ হলোঁ। ধন-সম্পত্তি মাটি-বাৰী মোৰ একোৰো অভাৱ নাছিল; কিন্তু মতা মানুহ অভিভাবকৰ অভাৱত সেইবোৰ দেখিব-শুনিবলৈ কোনো নাইকিয়া হল। কিছুদিনৰ আগেয়ে মোৰ শহুৰৰো মৃত্যু হৈছিল। শাহু মোৰ বিয়াৰ আগেয়েই ঢুকাইছিল। মোৰ জেঠালৰ বাহিৰে নিজৰ মানুহ বুলিবলৈ কোনো নাছিল; গতিকে মই তেওঁৰ ঘৰলৈকে উঠি আহি- নাছিল; কিন্তু মতা মানুহ অভিভাবকৰ অভাৱত সেইবোৰ দেখিব-শুনিবলৈ থিৰ কৰিলোঁ। তেওঁ বৰ উৎসাহেৰে মোক আনিলে আৰু মোৰ ধন-বস্তু মাটি-বাৰীৰ দিহা-পোহা কৰিবলৈ গাত ললে।

 “তেতিয়া মোৰ বয়স ওঠৰ বছৰ, আৰু মোৰ মহাশত্ৰু ৰূপযৌৱনৰ মোৰ গাত মহা পয়োভৰ। তুমি এতিয়াও মোক দেখি নিশ্চয় অনুমান কৰিব পাৰিছাঁ মই কেনে শুৱনী ছোৱালী আছিলোঁ।

 মই আই বোপাইৰ ঘৰত থাকোঁতে, মোৰ জেঠোত কেনেকুৱা মানুহ মই নেজানিছিলোঁ; কিন্তু তেওঁৰ লগলৈ আহি দুই-চাৰি দিনৰ ভিতৰতে মই তেওঁৰ জঘন্য স্বভাৱ চৰিত্ৰৰ চিনাকি পালোঁ। কোনোবাই দোৰ্ঘোৰ মদপী আৰু বেশ্যাশক্ত মানুহৰ আৰ্হি বিচাৰিলে মোৰ জেঠোতৰ ফালে আঙ্গুঁলিয়াই দিলেই যথেষ্ট হব। ঘৰত তেওঁৰ সতী লক্ষ্মীৰ নিচিনা ঘৈণীয়েকক তেওঁ ভৰিৰে ঠেলি পেলাই নটীৰ সৈতে খোৱা লোৱা কৰি পশুতকৈও অধইচ জীৱন কটাইছিল। বাৰীৰ ঘাঁহেৰে সৈতে গোহালিৰ গৰুৰ ৰাহি নহাদি ঘৈণীয়েকে সৈতে তেওঁৰ ৰাহি নাহিছিল। মই তেওঁৰ ঘৰলৈ আহিহে বুজিব পাৰিলোঁ যে কি এটা ভয়ানক ভুল কৰিলোঁ আৰু সেই ভুলেই কিজানি মোৰ ইহকাল পৰকাল দুইটাৰ সৰ্ব্বনাশ কৰিব। মনত এই কথা খেলালতে মই তেওঁৰ আশ্ৰয় এৰি আকৌ আমাৰ আগৰ ঘৰলৈ উভতি যাবলৈ সঙ্কল্প কৰি মোৰ জাক সেই কথা কলোঁ। মোৰ কথা শুনি জাৰ নিৰ্ম্মল মুখ কলা পৰি গল; চকুৰ পানীৰে তেওঁৰ চকু চলচলীয়া হল। কিছুমান পৰৰ মূৰত চকুৰ লো টুকি তেওঁ কলে, ‘ভনীটি! জীৱনত বিধতাই মোৰ সুখ নেলেখিলে, নতুবা তুমিও মোক এৰি যাবলৈ ওলাবা কিয়! সৰহ নকওঁ, তুমি মৰা-বাৰী মই জীয়া-বাৰী, স্বামী সুখৰ পৰা তুমি বঞ্চিত ময়ো বঞ্চিত। তোমাক দুখ পতিয়াবলৈ পাই ক্ষন্তেকমান সুখৰ ছাঁ দেখিছিলো; গোসাঁয়ে তাক সহিব কেলৈ!’

 “বাইদেউৰ চকুৰ লো আৰু হিয়াৰ তলিৰ পৰা ওলোৱা এই কেইষাৰ কথাই মোক সমূলি ঘটুৱালে; আৰু মই যি থাকে কপালত ভাবি তাৰ পৰা গুচি যোৱা সঙ্কল্প পৰিত্যাগ কৰি তাতে থাকিলোঁ।

 “লক্ষ মানুহৰ ভিতৰত এটা দুটাৰ মনেহে কেতিয়াবা-কাচিৎ অৱস্থা