পৃষ্ঠা:সুৰভি.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৬ )


 মোৰ কথাষাৰ ঢুকাওতে নৌঢুকাওতেই তাই তাইৰ তৰ্জ্জনী আঙ্গুলিটো মোৰ আগত জোকাৰি মাত লগালে “চুপ! বলি খবৰ্দ্দাৰ চুপ! ফেৰ যদি তুমি আমাকে মাতাল বলে অপমান কৰবে তো তোমাৰ ভাল হব না বলছি। আগে যাৰ দোষে যা হয়েছিলাম হয়েছিলাম; সে সব হোয়ে গেছে। এখন আমি খাৰাপ মেয়ে নই! মাতাল নই! কোনও কুমতলবে তোমাৰ কাছে আসিনি! খবৰ্দ্দাৰ আৰ সে ৰকম কথা মুখ থেকে বেড় কৰবে না, যা কৰলে কৰলে।”

 তিৰোতাজনীয়ে ইমান তেজেৰে সৈতে এই কথা কেইষাৰ কৈছিল যে মই থমকি গলো আৰু, মোৰ গাৰ জোখটো দীঘলে কুঁচি গৈ কমি যোৱা যেন পালোঁ। এনেতে হঠাৎ মানুহজনীৰ চকুৰে সৈতে মোৰ চকু একে হ’ল। দেখি তবধ মানিলোঁ যে, তাইৰ চকুৰ পৰা অসংখ্য জুইৰ ফিৰিঙতি ওলাইছে আৰু মুখৰ ভিতৰৰ দাঁতবোৰ, পুহমহীয়া জাৰৰ ঠেঁটুৱাইত কঁপা মানুহৰ দাঁতৰ দৰে, এপাৰিৰ ওপৰত এপাৰি পৰি ঠক্ঠক্ শব্দ কৰিছে! এইবাৰ সঁচাকৈয়ে মোৰ বুকুত ভয়ে বাহ ললে, মুখৰ মাত হৰিল আৰু মই শোটমোত খাই পৰিলোঁ। মোৰ অৱস্থা দেখি তাই খন্তেকতে শান্ত মূৰ্ত্তি ধৰি মিহিকৈ মাত লগালে, “তুমি না জেনে আমাকে সেই ৰকম কথা বলেছিলে, আমি বুঝতে পেৰেছি। আৰ বলোনা। আমি খাৰাপ লোক নই। কোনও খাৰাপ মতলবে আমি তোমাৰ কাসে আসিনি। দুখেৰ কথা একটা আদটা বলবাৰ জন্য তোমাৰ কাছে এসেছি। তুমি একটু মন দিয়ে শুনলেই আমি কৃতাৰ্থ হোয়ে চলে যাব।”

 মই উত্তৰ দিলোঁ— “বাৰু, কি কব খুজিছা কোঁৱা, মনদি শুনিম।” তিৰোতাজনীয়ে কবলৈ আৰম্ভ কৰিলে। তাইৰ সেই কথাৰ অবিকল অসমীয়া ভাঙ্গনী তলত দিলোঁ।—

 “এই বাগিচাখন আজিকালি কাৰ কব নোৱাৰো, কিন্তু আগেয়ে ইয়াৰ গৰাকী আন এজন আছিল। সি আজি ডেৰকুৰি বছৰৰ কথা। সেইজনা সম্বন্ধত মোৰ জেঠাল আছিল। মোৰ স্বামীৰ মুখ মই দেখিবলৈকে নাপালোঁ। আমাৰ বিয়াৰ এমাহৰ পিচতে তেওঁ জহনীত পৰি ঢুকাল। মই তেতিয়া মোৰ আইৰ বোপাইৰ ঘৰত উমলি ভাত খোৱা সৰু ছোৱালী। মোৰ ঢকা চমকাকৈ মনত পৰে, হঠাৎ এদিন আবেলি আমাৰ ঘৰত কোঢ়াল লাগি পৰিল। মই ঘৰৰ আগচোতালত আমাৰ ওচৰ চুবুৰীয়া এজনী সমনীয়া ছোৱালীৰে সৈতে উমলি আছিলোঁ; কোঢ়াল শুনি, কি হল বুলি ঘৰৰ ভিতৰলৈ লৰ মাৰি আহি দেখিলোঁ যে আইয়ে হিয়া মূৰ ভূকুৱাই কান্দিছে, বোপায়ে বহি চকুৰ পানী টুকি থাকি থাকি ‘মোৰ কি হ’ল ঐ।’ বুলি