পৃষ্ঠা:সুৰভি.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৪ )

এনে কথা অসম্ভৱ, কোনোমতে হবই নোৱাৰে।” মোৰ কিন্তু বামুণৰ গ, শুম বুলি দৃঢ় প্ৰতিজ্ঞা কৰি বহিলোঁ। মোৰ মইমতীয়া স্বভাৱৰ বিষয়ে নিৰ্ম্মল বাবুৰ জনা আছিল। তেওঁ যেতিয়া বুজিলে যে মোক মোৰ সঙ্কল্পৰ পৰা লৰোৱা টান, তেতিয়া তেওঁ তেওঁৰ লগুৱাহঁতক সেই পুখুৰীৰ পাৰৰ খট্খটীৰ বগা শিলৰ ওপৰত মোলৈ শুবৰ দিহা কৰিবলৈ আদেশ কৰিলে; আৰু নিমিষতে সেই আদেশ প্ৰতিপালিত হল। আমি নিজ নিজ ঠাইত দীঘল দি দুখে ভাগৰৰ অন্তকাৰী টোপনিক মাতি নিমাত হলোহঁক। দিনত নৈৰ পাৰত ঘৰিয়ালে গা ৰদাই পৰি থকাদি ৰাতি পুখুৰীপাৰত মোক জোনাকত গা পোহৰাই পৰি থকা দেখি নিশা বিমানত ফুৰা দেৱতাসকলে কি ভাবিছিল কব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ ভিতৰত চিকাৰী দেৱতাই যে মোৰ ওপৰত গুলি চলোৱা নাছিল এইটো ধুৰূপ; নতুবা তেওঁ মোক আজি এই সাধু কবলৈ জীয়াই নথৈ নিশ্চয় মোৰ ছালেৰে তেওঁৰ চৰাঘৰ সজালেহেঁতেন। এই নিমাত নিফুট ৰাতি এটা বৰ আহুকালৰ কথা হৈছিল যে, বাগিচাৰ গৰাকী নিৰ্ম্মল বাবুৰ মনে মনে থাকিব নোৱাৰা স্বভাৱৰ নাকে ঘোঁট ঘোঁট শব্দ কৰি শোৱনি-ঘৰ তল-ওপৰ কৰি তেওঁৰ ওচৰত শোওঁতাসকলৰ শান্তি ভঙ্গ কৰিছিল। মই দূৰৰ পৰা সেই অপৰূপ শব্দ শুনিছোঁ আৰু তেওঁৰ ওচৰত ঘৰৰ ভিতৰত নোশোৱা বাবে নিজৰ বুধিক ধইন ধইনকৈ শলাগিছোঁ। জোনৰ সুবিমল জোনাকে মোৰ গোটেইটো গা বুৰাই দিলে, মই আনন্দত আপ্লুত হলোঁ। এইদৰে জোন আৰু তৰাৰে ভৰপূৰ নীল আকাশলৈ চাই ঈশ্বৰৰ সৃষ্টি কৌশল আৰু মহিমাৰ বিষয় ভাবি থাকোঁতে থাকোঁতে, কেতিয়া কোনটো ছেগত কব নোৱাৰোঁ, মনে মনে টোপনিয়ে আহি মোৰ মূৰৰ পৰা ভৰিলৈকে ঢাকি কলা কাপোৰ এখন মোৰ গাৰ ওপৰত পেলাই দিলে; আৰু সেই কাৰ্য্যত বিনা প্ৰতিবাদে মই সৈমান হোৱা দেখি হবলা, মোৰ চকু কাণ আদি বাহিৰৰ বনুৱা লগুৱা ইন্দ্ৰিয়বোৰে ৰোহ পাতি ধৰ্ম্মঘট কৰি নিজৰ কাম বন বন্ধ কৰি দিলে।

 এইদৰে “স্বাধীনতা হীনতাৱস্থাত নাবাচি” টোপনিৰ “দাসত্বশৃঙ্খল” ভৰিত পিন্ধি, কিমান পৰ আছিলোঁ কব নোৱাৰোঁ; কিন্তু হঠাৎ কোনোবাই মোৰ ভৰিত চেঁচা হাত এখন দিয়া যেন পালোঁ। চাটকৰে টোপনিয়ে মোৰ গাৰ পৰা, ওপৰত কৈ অহা কলা কাপোৰখন তুলি নিলে আৰ, কাৰবাৰ এই কেইষাৰ কথা মোৰ কাণত পৰিল; –“হেঁগা বাবু মশায়! তোমাৰ কি আৰ ঘুম ভাঙ্গবে না? ওঠ না একবাৰটি, আমাৰ একটু কথা বলবাৰ আছে।” মই খক্‌মক্‌কৈ উঠি বহিলোঁ। দেখোঁ, পাৰি নিদিয়া শাৰী পিন্ধা ওৰণীৰে আদখিনি মুখ ঢকা, কুৰি- বাইশ বছৰ বয়সীয়া বঙ্গালী তিৰোতা মানুহ এজনী মোৰ আগতে থিয় হৈ আছে। তিৰোতাজনীৰ মুখখন শেতা বিবৰ্ণ, যেন তাত কোনোবাই দুখৰ ডাঠ