পৃষ্ঠা:সুৰভি.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৭)

 মই দেখিলোঁ এওঁলোকৰ ৰোগ বিষম। ত্ৰিদোষী বুলিলেই হয়। এওঁলোক খেলত ইমান মগন হৈ আছে যে, এওঁলোকক ধৰ্ম্মতঃ হিন্দী মাতেৰে "বেহুচ" বুলিব পাৰি। এনেস্থলত স্থান পৰিত্যাগেই নীতি-শাস্ত্ৰৰ উপদেশ। এই ভাবি মই ৰাম বিষ্ণু একোকে নুবুলি সাউৎকাৰে উঠি দুৱাৰমুখ পালোগৈ। হঠাৎ চিৰস্তাদাৰে যেন সাৰ পালে। তেওঁ ব্যস্ত হৈ মোৰ ফালে চাই মাত লগালে, “নেযাব, নেযাব, আপুনি খং কৰি ক'লৈ যায়, আমাৰ খেলৰ অন্ত পৰিল, আৰু সৰহ বেলি নাই, বহক।” মোৰ মনত আকৌ অলপ আশাৰ সঞ্চাৰ হ'ল, আৰু আমাৰ দেশৰ বুঢ়া লোকৰ কথাষাৰও মনত পৰিল যে, "নুবুৰে মানে বাবা, নমৰে মানে চাবা।" গতিকে মই আকৌ উভতি আহি, আগৰ সেই ত্ৰীপদী চকিক মোৰ ভৰি এখনেৰে ঢোকা দি চতুষ্পদী কৰি লৈ নিজৰ বহুমূলীয়া মূৰ হাত আদি অঙ্গ-প্ৰত্যঙ্গ কেইটাক নিৰাপদে তাৰ ওপৰত ৰাখিবৰ দিহা কৰি বহি গলোঁ। কিন্তু দুখৰ কথা কি ক'ম, খেলমতলীয়া চিৰস্তাদাৰে নিমিষতে আকৌ খেলত ভোল গ'ল আৰু মোৰ সমাজিকৰ গৰৈমাছটোও থিতাতে জানিবা হাতৰ পৰা পিছলি পানীত পৰিল। মই মনে মনে নিশ্চয় কৰিলোঁ যে, ই কথাও কথা নহয়, এইবাৰ মই সুৰুঙা পালেই নিশ্চয় সৰকি পৰিম আৰু এওঁলোকৰ ওচৰতে নেথাকোঁ। এই সঙ্কল্প কৰি থাকোঁতেই ধৰ্ম্মেশ্বৰ পেচকাৰৰ পুতেক মৰ্ম্মেশ্বৰ ভটংকৰে তাত ওলালহি। মৰ্ম্মেশ্বৰে কলিকতাত বি-এ মহলা দি ঘৰলৈ উভতি আহিছে, আৰু বন্ধু-বান্ধৱ আদিক দেখা কৰি ফুৰিছে। মৰ্ম্মেশ্বৰক দেখি চিৰস্তাদাৰে “বোপা আহাঁ” আহাঁ কৈ মাতি বহুৱালে, আৰু ক'লে “বোপা আহিলা ভালেই হ'ল, তেখেত একৰকম অকলৈ থকাদি আছিল, তুমি তেওঁৰে সৈতে দুই-চাৰি আষাৰ কথা পাতা, আমি এতিয়াই আহৰি পাম, আমাৰ হলেই ধৰা।”

 মই মৰ্ম্মেশ্বৰ বোপাৰ ফালে চাই ক'লোঁ, “এৰা বোপাদেও, এওঁলোকৰ ওচৰলৈ দুৰ্ভগীয়া লম্বোদৰ ডেকাৰ বিষয়ে মই পৰামৰ্শ কৰিবলৈ আহিছিলোঁ; কিন্তু এওঁলোক খেলত ইমান মজি আছে যে, সি হৈ উঠাৰ আগন্তুক নাই। এওঁলোকৰ গঢ়-গতি দেখি মই গুচিয়েই যাব খুজিছিলোঁ, এনেতে কি ভাগ্য তুমি আহি ওলালা। সি যি হওক বোপা, তুমি কেতিয়া আহিলা? গা ভাল?"

 মৰ্ম্মেশ্বৰ।- “কালি পালোঁহি। গা ভাল। আপোনাৰ গা ভাল নে?"

 মই সন্তৰ্পণে উত্তৰ দিলোঁ, “ঈশ্বৰৰ কৃপাত ভাল।”

 মৰ্ম্মেশ্বৰ।— “কি লম্বোদৰৰ কথা কৈছিল আপুনি? কোন লম্বোদৰ? তেওঁৰ কি হ'ল?

 মই উত্তৰ দিলোঁ, “এ বোপা, তুমি শুনো নাই হ'বলা? কিনো কম, কিনো শুনিবা!"