পৃষ্ঠা:সুৰভি.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

লম্বোদৰ ডেকা'

 

 দেওবাৰ। ৰাতিপুৱা ৭ বজা। এখোজ দোখোজকৈ পায়চালি কৰি লাহে লাহে ৰঘুনাথ চিৰস্তাদাৰৰ ঘৰ পালোঁগৈ। দেখোন চিৰস্তাদাৰ ডাঙৰীয়াই হৰিদেউ ফয়চলা নবিচৰে সৈতে বহি দবা খেলত নিমগন। ইমান পুৱাই তেওঁলোক খেলত বলিয়া হোৱাটো বাস্তৱতে মোৰ মনত অলপ অদ্ভূত যেন লাগিল। হৰিদেউ খেল-পগলা মই জানো; কিন্তু আমাৰ চিৰস্তাদাৰ ৰঘুনাথও যে তলে তলে সেই কাৰ্য্যত ইমানদূৰ আগবাঢ়িছে এই কথা ইয়াৰ আগেয়ে মোৰ জনা নাছিল। ম‍ই চিৰস্তাদাৰৰ চ'ৰাঘৰ সোমায়েই তেওঁলোকক ইংৰাজী মতে "গুড্মৰ্ণিং" অৰ্থাৎ সুপ্ৰভাত বুলি সম্ভাষণ কৰিলোঁ। চিৰস্তাদাৰে সম্ভাষণ শুনি মোৰ ফালে কেৰাহিকৈ চাই এধা-মৰা মিচিকীয়া হাঁহি এটাৰ এডোখৰ মাৰি ডোমৰ পীৰাৰে ৰিজাব পৰা, তিনি ঠেং আছে এঠেং নাই, এনে এখন মাচিয়াৰ ফালে চকু পিৰিকিয়াই দেখুৱাই মোক বহিবলৈ অনুমতি দিলে। কিন্তু সিজন খেলুৱৈৰ মোৰ ফালে মূৰ দাঙি চাবলৈকো আহৰি নহ'ল। মই অলপ পৰ টলকামাৰি বহি থাকি দেখিলোঁ, গতি বিষম। মাত লগালোঁ, “চিৰস্দাৰ ডাঙৰীয়া, চিৰস্দাৰ ডাঙৰীয়া এখন্তকমান আপোনাৰ আহৰি হ'ব নে? মই কথা এবাৰ সুধিবলৈ আপোনাৰ ওচৰলৈ আহিছিলোঁ।” চিৰস্তাদাৰে মূৰ নডঙাকৈয়ে উত্তৰ দিলে, “হ'ব কওঁক, কি কথা?” মই ক'লো, "দুৰ্ভগীয়া লম্বোদৰ ডেকাটোক আপোনালোকে কি কৰিবৰ দিহা কৰিছে? সি নিগমে বুৰিল নহয়। তাৰ এটা গতি নকৰিলে হ'ব কেনেকৈ!”

 চিৰস্তাদাৰে দবা-বৰিৰ ওপৰতে পুৰাকৈ চকু ৰাখি আৰু মোৰ ফালে আদখিনীয়াকৈ মন দি উত্তৰ দিলে, "কৰিম গতি, নৌকাৰে তাক খেদি দি গজেৰে মাৰিব।” মই মিচিকীয়া হাঁহি মাৰি মাত লগালোঁ, “কি তাক নৌকাৰে খেদিব গজেৰে মাৰিব! সি এনেই মৰিয়েই আছে।" ইমানখিনি বেলিৰ পিছত হৰিদেউ ফয়চলা নবিচে হঠাৎ মাতি পেলালে, "কাৰ গজে তাক মাৰিব পাৰে হে? মোৰ এইটো বৰি এই ঘৰত, সেইটো ঘোৰা সেই ঘৰত!”