এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ “সুৰভি” গল্প-গ্ৰন্থৰ দ্বিতীয় প্ৰকাশ প্ৰায় ৫৭ বছৰৰ পিছত আমি পঢ়ুৱৈ সমাজলৈ সবিনয়ে আগবঢ়ালো। এইখন অসমীয়া ভাষাতে পোন প্ৰথম গল্প-গ্ৰন্থ। ইংৰাজী ১৯০৯ চনত ইয়াৰ প্ৰথম প্ৰকাশ হোৱাটো এক প্ৰকাৰ বিস্ময়কৰ। কাৰণ গল্প সাহিত্যৰ জন্মভূমি পাশ্চাত্যতে তেতিয়া ইয়াৰ পূৰ্ণ বিকাশ হোৱা নাছিল। অসমীয়া গল্পৰ ৰসজ্ঞ আৰু, অনুসন্ধিৎসু, পাঠকসকলে সেয়ে এই দুষ্প্ৰাপ্য সংকলনটিলৈ আজি বহুত দিনৰে পৰা বাট চাই আছিল।

 কিতাপ খনিৰ সৈতে এটি বৰ শোকৰ স্মৃতি জড়িত হৈ আছে। “সুৰভি আইটি” লক্ষ্মীনাথ বেজবৰুৱাৰ বৰ আদৰৰ বৰ জীয়ৰী আছিল, যি নিচেই কুমলীয়া বয়সতে দেউতাকৰ “হৃদয় এডোখৰ ভাঙি নি” ইহলীলা সম্বৰণ কৰিছিল। সুৰভিয়ে বেজবৰুৱা পৰিয়ালৰ বন্ধু-বান্ধবৰ কিমান খিনি ঠাই আগুৰি আছিল সেই কথা এই পুথিৰ আৰম্ভতে জুৰি দিয়া দেউতাকৰ কৱিতাটিৰ উপৰি দুগৰাকী মহিলাই লিখা দুটি বঙলা কৱিতাই প্ৰমাণ কৰিছে। তাৰে এগৰাকী ইন্দিৰা দেৱী আছিল বিশ্বকৱি ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বিতীয় ভ্ৰাতৃ প্ৰথম ভাৰতীয় আই-চি-এছ সত্যেন্দ্ৰ নাথ ঠাকুৰৰ জীয়ৰী। বেথুন কলেজৰ স্নাতিকা ইন্দিৰা দেৱী সেই কালৰ বঙ্গদেশৰ এগৰাকী সংগায়িকা আছিল। আন গৰাকী সৰোজ কুমাৰী দেৱী আছিল, বেজবৰুৱাৰ “জীৱন সোৱঁৰণ” মতে, সম্বলপুৰৰ গৱৰ্ণমেণ্ট