পৃষ্ঠা:সুৰভি.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১

অব্যৰ্থ অস্ত্ৰৰ আগত অলপধতুৱা বামুণৰ ল'ৰা ভূধৰ টিকিব নোৱাৰি, পুন্যতণু সিধাই খাটনিয়াৰৰ জীয়েক তিলকাক আনি স্কট চাহাবক দিবলৈ মান্তি হ'ল; আপোনাৰ পবিত্ৰ কুলত আপোন হাতে চুণ-কালি সানিবলৈ প্ৰস্তুত হল। পবিত্ৰ যজ্ঞৰ হৰি আপোন হাতে তুলি আনি ভূধৰ কুলাঙ্গাৰে বকৰাণিত পেলাই দিবলৈ ওলাল! আপোন গোঁসাইঘৰৰ থাপনাৰ সোণৰ ফুলপাহ নিজ হাতে চুৰ কৰি আনি চোৰৰ বুকুত আঁৰি দিবলৈ ভূধৰে সংকল্প কৰিলে।

 সাদিনৰ ভিতবতে ভূধৰে গৈ ফাঁকি দি নিজৰ ঘৈণীয়েকে সৈতে তিলকাক জোঁকতলীৰ পৰা দীঘলিটিং বাগিচালৈ লৈ আহিল। ভূধৰৰ আনিচ্ছা অগ্ৰাহ্য কৰি লগতে বাপিৰাম লগুৱাও আহিল। জোঁকতলী এৰিবৰ আগেয়ে বাপিৰামে, কি জানি ক'ব নোৱাৰি, দীঘলিটিঙলৈ তিলকাক লৈ আহিব খোজা কথাত দোৰ্ঘোব আপত্তি কৰিছিল। ভূধৰৰ ঘৈণীয়েকৰো যে আহিবৰ মন আছিল এনে নহয়। কিন্তু নানা কথা কৈ “দিন চেৰেকলৈ মাথোন গৈ তহঁত সোনকালে উভতি আহিবিহঁক" বুলি ভূধৰে সিবিলাকৰ মত কৰিলে। তিলকাই কিন্তু নতুন ঠাই দেখিবলৈ পাম ভাবি উৰুলিকৃত হৈ আহিল।

৪। আধ্যা।

 আজলী অৱলাৰ পক্ষে পুৰুষৰ গ্ৰৱল জাল ফালি সৰকি ওলাই যোৱাটো বৰ উজু নহয়, বিশেষ, যেতিয়া সেই পুৰুষে সেই নাৰীৰ প্ৰাতিপালক আৰু অভিভাবকৰ ঠাই আধিকাৰ কৰি থাকে। দিনে দিনে দদায়েক ভূধৰৰ নানা চক্ৰান্ত নানা চলাহৰ মেৰে মেৰে আজলী তিলকা সোমাই যাবলৈ ধাঁবলে। স্কট চাহাবৰ আশাবেলিয়ে পূবেৰুণ দিবৰ সময় হৈ আহিছে, এনেতে কিবা স্বৰূপে বাপিৰামে গম পালে যে, দদায়েক ভূধৰ পাষণ্ডই আপোন ভাতিজা জীয়েক তিলকাক খাটনিয়াৰৰ বংশৰ পৱিত্ৰ নামত ছাই সানি দীঘলিটিং বাগিচাৰ বৰচাহাবৰ হাতত দিব খুজিছে! হঠাৎ বুঢ়া বাপিৰামৰ মূৰত আকাশ চৰগ ভাগি পৰিল! তাৰ গোটেইটো গাত সাতকুৰা অগণি লগিল। লাজ, অপমান আৰু ক্ৰোধত বাপিৰাম থৰ থব কৰে কঁপিবলৈ ধৰিলে। তেতিয়াই সি তাব গুৰুঘৰত শপত খাই প্ৰতিজ্ঞা কৰিলে যে, সি জীয়াই থকাত তাৰ গৰাকী আৰু অন্নদাতা সিধাই খাটনিয়াৰৰ জীয়েক তিলকাক কোনেও চাহাবলৈ দিব নোৱাৰে। আৰু তেতিয়াই সি গৈ ভূধৰক সুধিলে,

 “এই কথা সঁচা নে সৰুদেউতা?"

 ভূধৰ।-- "কি কথা সঁচা?"

 বাপিৰাম।-- “তিলকা আইদেওক তুমি দীঘলিটিঙৰ বৰচাহাবলৈ দিব খুজিছা?"