পৃষ্ঠা:সুৰভি.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)

ভাত নাই। পিন্ধিবলৈ কাপোৰ নাই, কোনো সহায় নাই, উপায় নাই। এই পুথি-বীত দুখ ভুঞ্জিবলৈ মোক আল্লাই জীয়াই থৈছে। মোৰ শৰীৰৰ এনে অৱস্থাত মই কুলিৰ কাম কৰি পেটৰ ভাত-কাপোৰ মোকোলাব লগীয়াত পৰিছোঁ। আজি যেতিয়া এপাচি ইটাৰে সৈতে হজুৰৰ ঘৰৰ ছালৰ ওপৰত পৰিছিলো, তেতিয়া ভাবিছিলোঁ যে খোদাই দুখুনীৰ ওপৰত কৃপা কৰিলে, মোক মাৰি নিব; কিন্তু লেলেতীয়া জীৱৰ ইমান সোনকালে দুখৰ ওৰ কিয় পৰিব, সেই দেখি নমৰিলোঁ।

 “মোৰ বোপাই ঢুকাল, আই এতিয়াও আছে। বোপাই ঢুকুৱাৰ পিছত তেওঁৰ ধন-সম্পত্তি সকলোবোৰ কেনিবা উৰি গ'ল আৰু আই বৰ দুখত পাৰিল। মোৰ ককাইটোৱে খেতি-বাতি কৰি আইক আৰু নিজৰ ল'ৰা-তিৰোতাক অতি কষ্টেৰে কোনো মতে পোহে। এতিয়া মই অৱশ্যে আইক চাবলৈ মাজে মাজে যাওঁ। কিন্তু তেওঁক পাইটো পইচাটো দি সহায় কৰিব নোৱাৰোঁ; কাৰণ তেনেহলে তেওঁৰ জাত যাব; তেওঁৰ হিন্দু বঙহ পৰিয়াল আৰু গাঁৱৰ মানুহে তেওঁক এঘৰীয়া কৰিব। ম‍ই দুই-চাৰি অনাকৈ গোটাই গোটাই মাহে মাহে এটকা দুটকাকৈ ৰূপ আইলৈ লুকাই পঠিয়াই দিওঁ, তাৰে তেওঁৰ লোণ তেলৰ খৰচ চলে। এই পৃথিৱীত মোতকৈ দুখিত প্ৰাণী, হজুৰ, কোনো নাই। কিন্তু হজুৰ এটা কথা কওঁ আমাৰ দেশখন জাতেই খালে। জাত জাতকৈ ইটোৱে সিটোক ঘিণাই, হিন্দু-মছলমান বুলি এটা ধৰমৰ মানুহে আনটোক ছেই ছেই কৰি মিছাতে আমাৰ দেশখন "জহান্নামে" নিলে। আল্লাৰ আগত সকলো জাতৰ সকলো ধৰমৰ মানুহ সমান হজুৰ। ই-পুৰিত মই মোৰ আই-বোপাইক নেপালো, সি পুৰিত নিশ্চয় মোক খোদাই তেওঁলোকক দিব। দুখুনী ফাতেমাই এই কেষাৰ কথা কলে; নিশ্চয় নিশ্চয় হজুৰ জানিব, ই ফলিয়াবই ফলিয়াব।